বৰপেটা, সংবাদ ৩৬৫, ৩০ মে’: একালত আমাৰ সমাজত বিচনী আছিল অতিকে আদৰৰ ৷ গৰমৰ পৰা ৰক্ষা পাবলৈ গছৰ ছাঁ অথবা বিচনীৰ বা’ লৈ শীতল কৰিছিল শৰীৰ ৷ পিছে এতিয়া সময় সলনি হ’ল ৷ এতিয়া বৈদ্যুতিক পাংখা, এচি, এয়াৰ কুলাৰ হৈ পৰিল গ্ৰীস্মৰ তাপে দহি নিয়া শৰীৰ জুৰ পেলোৱাৰ আহিলা ৷
তাৰমাজতো কিন্তু এতিয়াও আদৰ কমা নাই বিচনীখনৰ ৷ এতিয়া ঘৰত বৈদ্যুতিক পাংখা, এচি বা এয়াৰ কুলাৰ লগালেও গ্ৰীস্মৰ প্ৰচণ্ড গৰমত দেহ মন শীতল কৰিবলৈ হাতত লোৱা বিচনীখনেই বহুতৰ বাবে জীৱিকা নিৰ্বাহৰ মূল অবলম্বন ৷
বিচনীৰেই ঘৰ চলোৱা এগৰাকী যুৱতী। নাম নৱনীতা মেধি ৷ ঘৰ বৰপেটা চহৰৰ সমীপৰ পাটবাউসী সত্ৰৰ মাজকুছিত ৷ পাটবাউসী মাজকুঁছিৰ ভদ্ৰেশ্বৰ মেধিৰ কন্যা নৱনীতাই কেবাবছৰ ধৰি বিচনী ব’য়েই ঘৰখন চলাই আহিছে ৷ পিতৃ ৰুগীয়া ৷ চকুৰেও একো মনিব নোৱাৰে ৷ পিতৃ- মাতৃৰ একমাত্ৰ সন্তান নৱনীতাৰ ওপৰত়েই ঘৰখন চলোৱাৰ সকলো দায়িত্ব ৷
সৰুতে পিতৃৰ পৰা দেখি দেখি বিচনী ববলৈ শিকা নৱনীতাই জীৱিকাৰ পথ হিচাপে বাছি ললে বিচনী বোৱা কামটোকে ৷ এদিনত এখনহে বিচনী সম্পূৰ্ণ কৰিব পাৰে যুৱতীগৰাৰীয়ে ৷ আনৰ পৰা ৭০ টকাৰে একোটা মকাল বাঁহ এটা কিনি আনি বিচনী ব’ই প্ৰতিখন বিচনী বিক্ৰী কৰি পায় মাথো ৫০ টকা ৷ এই কামটোৰে ঘৰখন নচলে যুৱতীগৰাকীৰ ৷ তাৰোপৰি বছৰৰ ছমাহ বিক্ৰী নহয় বিচনী ৷ শীতকালি বিচনী ব’ই বা বাঁহৰ কাঠি চাচি গ্ৰীস্মৰ দিনলৈ থৈ দিয়াৰ লগতে শীতকালত বাঢ়নি সজা কামতে ব্যস্ত থাকে ৷
বাঢ়নি বিক্ৰী কৰিও দুপইচা অৰ্জন কৰে যুৱতীগৰাকীয়ে ৷ এনেদৰে বাঁহৰ কামেৰে এগৰাকী যুৱতীয়ে সন্তানৰ কৰ্তব্য পালন কৰি পিতৃ মাতৃক দুমুঠি পেটৰ ভাত যোগাই অহাৰ লগতে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাত আত্মনিয়োগ কৰিছে ৷ পাটবাউসীৰ এইগৰাকী নৱনীতা মেধি হব পাৰে বহু নিবনুৱা যুৱকৰ কৰ্ম প্ৰেৰনাৰ উৎস আৰু আদৰ্শ ৷