গুৱাহাটী, সংবাদ ৩৬৫ , ৩০ মে’ : বুধবাৰে চামগুৰিত কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন আৰু নুৰুল হুদ্দাৰৰ বাহনত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ ঘটনাটোৰ লগত জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ এটা দলে।

স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় “চামগুৰিৰ বৰমাত বিজেপিৰ ১৩/১৪ জনীয়া এটা দলে বিধায়ক দুজনৰ কনভয় আগুচি ধৰি প্ৰাণে মাৰিবৰ চেষ্টা কৰিছিল। বিভিন্ন ধৰণৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু শিলগুটি মাৰি গাড়ীৰ গ্লাছ ভাঙি দিছিল। কথমপি আমাৰ বিধায়ক দুজন ৰক্ষা পৰিছিল। দলীয় কৰ্মী আৰু পি এছ অ’ আঘাতপ্ৰাপ্ত হৈছিল।”

ইয়াৰোপৰি তেওঁলোকৰ অভিযোগ চামগুৰিৰ থানাৰ অ চি উপস্থিত থকাৰ পাছতো পুলিচে নিৰৱ ভূমিকা পালন কৰিছে। বিজেপিৰ নিৰ্দেশত পুলিচ উঠা-বহা কৰিছে। ইতিমধ্যে এই ঘটনাৰ পাছত চামগুৰিৰ থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছী বিধায়ক কেইজনে ব্যক্ত কৰে । তেওঁলোকে কয় ১৩ জনৰ নাম উল্লেখ কৰা হৈছে যদিও বৰ্তমানলৈকে পুলিচে ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইফালে বিজেপিৰ কথাত যাতে পুলিচ উঠা বহা নকৰে নিৰপেক্ষতাৰে তেওঁলোকৰ দায়িত্ব পালন কৰে তাৰবাবেও আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানলৈ। আৰক্ষী সঞ্চালক প্ৰধানেও দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে ।

ইয়াৰোপৰি ৰিপুন বৰাই কয়” বিজেপিয়ে এতিয়া কলিয়াবৰ আৰু নগাওঁৰ পৰাজয়ৰ হতাশাত ভুগিছে। সেইয়েহে এনেকুৱা পন্থা গ্ৰহণ কৰিছে। নগাঁও আৰু কলিয়াবৰৰ বিজয় তেওঁলোকে মানি লব পৰা নাই। আমি আৰু দুগুণ উৎসাহেৰে কাম কৰি যাম” ।

আনহাতে আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ৰকিবুল হুছেইনে কয় ” মজিবুৰ ৰহমান বিজেপিৰ বুথ কমিটিৰ এগৰাকী সভাপতি। তেওঁ কেইদিনমান পূৰ্বে জেলৰ পৰা ওলাই আহিছিল। তেওঁৰ নেতৃত্বতে কালিৰ ঘটনা সংঘটিত হৈছিল। তেওঁ এজন ডকাইত। আলফাৰ গুলীয়েও আমাক একো কৰিব পৰা নাছিল আৰু এতিয়া শিলগুটিয়ে আমাক কি কৰিব? আমি ব্ৰিটিছকে গতিয়াই উলিয়াই বাহিৰ কৰি দিছিলোঁ।”

এছ পি , এছ ডি পি অ’ৰ টেলিফোনিক কল ৰেকৰ্ড লবৰ বাবেও আৰক্ষী সঞ্চালক প্ৰধানক ৰকিবুল হুছেইনে আহ্বান জনায়।

বুধবাৰৰ উক্ত ঘটনাটোৰ লগত অভিযুক্ত বিজেপি কৰ্মী কেইজন ক্ৰমে চৰিফুল ইছলাম, হবিবুৰ ৰহমান, ৰছিদূৰ হক, চান মিয়া, মকবুল হক, সুৰহাৰ আলি, নুৰজামাল, মজিবুৰ ৰহমান, মফিজুল ইচলাম, আজিজুৰ ৰহমান, আব্দুল খালেক, উমৰ ফাৰুক আৰু জমিৰ উদ্দিন।