মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৫ জানুৱাৰীঃ গুৱাহাটীৰ বাৰঝাৰ বিমানবন্দৰত অভিনৱ কায়দাৰে সোণৰ সৰবৰাহৰ যো-যা চলাওতে শুক্ল বিভাগে দেওবাৰে নিশা এক বিশেষ অভিযান চলাই দুজন লোকৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰে। জানিব পৰাম’তে মলাশয়ৰ ভিতৰত ভৰাই সোণ সৰবৰাহৰ যো-যা কৰি ঠাকোতে শুক্ল বিভাগৰ জালত পৰিল দুজন লোক। শুক্ল বিভাগে চলোৱা এই বিশেষ অভিযানত জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা প্ৰায় ৩০ লাখ টকাৰ অধিক মূল্যৰ সোণ। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে জাফাৰ খান আৰু সন্তোষ চাৱাৰকাৰ নামৰ লোক দুজনক। এইপৰ্যন্ত এজনৰ পৰা উদ্ধাৰ কৰিব পৰা নাই সোণ। সোণখিনী অস্ত্ৰোপচাৰৰ দ্বাৰা উদ্ধাৰ কৰিব লাগিব বাবে দেওবাৰে নিশাই গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল এজন লোকক।
 

