কাজিৰঙা, সংবাদ ৩৬৫, ১৫ জানুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষৰ প্ৰথমটো গঁড় চোৰাং চিকাৰীৰ হত্যাৰ বলি হল। দেওবাৰে নিশা উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ডাফলাং বনশিবিৰ এলেকাত চোৰাং চিকাৰীয়ে নিধন কৰে এটা গঁড়৷ হত্যাৰ পিছত চোৰাং চিকাৰীয়ে খৰ্গ নিয়াত ব্যৰ্থ হয় যদিও বছৰৰ প্ৰথমটো মাহতে চোৰাং চিকাৰীৰ হাতত গঁড় নিধন হোৱাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে৷ জানিব পৰা মত, দেওবাৰে নিশা প্ৰায় ৯ মান বজাত ডাফলাং বন শিবিৰ এলেকা বনকৰ্মীয়ে ২ জাই গুলীৰ শব্দ শুনিছিল। বাগৰি বনাঞ্চলৰ ডাফলাং বন শিবিৰৰ নিকতবৰ্তী এজাৰ কাঠনি আৰু গেৰকাটি বন শিবিৰৰ বনকৰ্মীসকলে উদ্যানখনৰ ভিতৰত গুলীৰ শব্দ শুনি ৬ জাই গুলী ফুটাই প্ৰত্যুত্তৰ দিয়াৰ লগতে সমগ্ৰ অঞ্চল ঘেৰাও কৰি অভিযান আৰম্ভ কৰিছিল৷ নিশা আন্ধাৰৰ সুযোগ লৈ চোৰাং চিকাৰীসকল পলায় যাবলৈ সক্ষম হয় যদিও চিকাৰীৰ দলটোৰ হাতত উদ্যানখনৰ আৰু এটা গঁড় নোধন হয়। উদ্যানখনৰ ভিতৰত গুলীৰ শব্দ শুনি বনকর্মীসকল সক্ৰিয় হোৱাৰ ফলত চোৰাং চিকাৰীৰ দলটো গঁড়ৰ খড়্গ কাটিবলে সক্ষ্যম নহয়। অভিযানৰ সময়ত নিশাই বনকৰ্মীসকলে চোৰাং চিকাৰীৰ গুলীত নিধন হোৱা এজনী মাইকী গঁড় জনীৰ মৃতদেহ উদ্ধাৰ কৰে৷ উল্লেখ্য যে, ডাফলাং বন শিবিৰৰ পৰা মাত্ৰ পাচশ মিটাৰ দূৰত্বত চোৰাং চিকাৰীয় গঁড় জনীক নিধন কৰে৷ গঁড়জনীৰ মুৰত গুলী লগাৰ সন্দেহ কৰিছে বনকৰ্মীসকলে৷