কলগাছিয়া, ৩০ অক্টোবৰঃ বৰপেটাৰোডৰ বাছষ্টেণ্ডত আৰক্ষীৰ হাতত এজন বাছ চালক গুৰুতৰ ভাৱে আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে, চিনাকী নামৰ গুৱাহাটী মুখী বাছখন বৰপেটাৰোড বাছ ষ্টেণ্ডৰ পৰা ওলাই আহোতে গাড়ীখন লাহে লাহে চলোৱা অভিযোগ তুলি বৰপেটাৰোড থানাৰ হাবিলদাৰ উপেন ৰয়ে চালকৰ লগত তৰ্কত লিপ্ত হয়। হাবিলদাৰ ৰয়ে তৰ্কাতৰ্কিৰ মাজত হঠাৎ উত্তেজিত হৈ চালক চফিকুল ইছলামক প্ৰহাৰ কৰে। হাবিলদাৰজনৰ প্ৰহাৰ চালক চফিকুল ইছলামে চকুত বিষমভাৱে আঘাত পোৱাত বাছখন মাজৰাস্তাৰ মাজতে ৰাখিবলৈ বাধ্য হয়। সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে হাবিলদাৰ ৰয়ক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে আৰু চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাৰ ভয়ংকৰ পৰিণামৰ উমান পাই হাবিলদাৰ ৰয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাৰ ফলত পথটোত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। অৱশেষত আৰক্ষী আহি ক্ষুন্ন জনতাক বুজাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, অভিযুক্ত হাবিলদাৰজনে যোৱা বৰ্ষত এখন সংগীতানুস্থানত এগৰাকী মহিলা শিল্পীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ৰাইজৰ ৰোষৰ বলি হৈছিল।