শিমলুগুৰি, ৩০অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে এনএছচিএন (আইএম)ৰ লগত কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা, অসমৰ মাটি নাগালিমক দিবলৈ কৰা ষড়যন্ত্ৰ আৰু সীমান্তত নগাই কৰা অত্যাচাৰৰ প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয় ঘেৰাও কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সভাপতি ৰিতুমণি হাজৰিকা আৰু সাধাৰণ সম্পাদকদ্বয় ৰাজু চেতিয়া ফুকন আৰু মানস দত্তৰ নেতৃত্বত তিনি শতাধিক প্ৰতিবাদকাৰীয়ে শিমলুগুৰিৰ পৰা নাজিৰা লৈকে পদযাত্ৰা কৰি মহকুমাধিপতি কাৰ্য্যালয়ত উপস্থিত হৈ দুই ঘণ্টা ধৰি কাৰ্য্যালয়টো ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সমিতিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি দণ্ডাধীশক তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক ল্যু চুন শ্যাম গোঁহাই আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোঁৱৰে সমগ্ৰ বিষয়ৰ ওপৰত ব্যাখ্যা আগবঢ়ায়।