বৰপেটা, সংবাদ ৩৬৫, ৪ নৱেম্বৰ: বৰপেটাৰ গণককুছিৰ চৰকাৰী ভূমিত জনীয়া, বাঘবৰ আৰু বৰপেটা বিধানসভা সমষ্টিৰ নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা আৰু একাংশ ভূমিহীন লোকে বসবাস কৰি আছিল। হঠাত বৰপেটা জিলা প্ৰশাসনে কোনোধৰণৰ জাননী নিদিয়াকৈ ২৬ অক্টোবৰত ৩ ঘৰ আৰু ৩০ অক্টোবৰত প্ৰায় এশ ঘৰ মানুহক উচ্ছেদ কৰে। ৩০ অক্টোবৰৰ এই দুৰ্ভগীয়া মানুহ সকলৰ কাষত থিয় দি খাদ্যৰ যোগান ধৰি আহিছে আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু দূৰ্নীতি নিবাৰণ সন্থাৰ অসম শাখাই। এই উচ্ছেদিত মানুহখিনিক লৈ বৰপেটা, জনীয়া আৰু বাঘবৰ সমষ্টিৰ বিধায়কে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মানৱাধিকাৰ সন্থাৰ অসম শাখাৰ সভানেত্ৰী প্ৰতিমা বৰুৱাই। ইয়াৰোপৰিও কংগ্ৰেছৰ একাংশ দালালে এই মানুহখিনিৰ ওচৰত চৰকাৰী মাটি বিক্ৰী কৰাৰ বাবেই চৰকাৰে বৰপেটা জিলা প্ৰশাসনৰ জৰিয়তে ভূমিহীন মানুহখিনিক উচ্ছেদ কৰে বুলিও গুৰুত্বৰ অভিযোগ কৰে প্ৰতিমা বৰুৱাই ।