বৰপেটা, সংবাদ ৩৬৫, ৪ নৱেম্বৰ: বৰপেটা আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড। অপৰাধীক বচাবলৈ মধ্যস্থকাৰীৰ জৰিয়তে উৎকোচ লোৱাৰ দৃশ্য বন্দী হয় মোবাইল কেমেৰাত। আৰু এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলিপ তালুকদাৰে টকা উৎকোচ লোৱাৰ সমগ্ৰ দৃশ্য। সমগ্ৰ ঘটনা দেখি শুনিও নিৰৱ বৰপেটা আৰক্ষী অধীক্ষক। ঘটনাৰ বিৱৰণী মতে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এজন মধ্যস্থকাৰীৰ পৰা অপৰাধীক বচাবলৈ বিষয়া গৰাকীৰ লগত কথা পাতি মধ্যস্থকাৰীৰ পৰা উৎকোচ লয়। পকেট জাৰি গোটেই টকা আগবঢ়াই দিয়ে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীলৈ। টকা লৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে অপৰাধীৰ নাম কাটিবলৈ মান্তি হয়। আৰু এই সমগ্ৰ দৃশ্য বন্দী হয় মোবাইল কেমেৰাত। এয়াই হৈছে দূৰ্ণীতিৰ শূন্য সহনশীল চৰকাৰৰ এজন আৰক্ষীৰ লজ্জাজনক কাণ্ড। এই দৃশ্য দেখি উৰ্দ্ধতম কৰ্তৃপক্ষই আৰক্ষী বিষয়া জনৰ বিৰূদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়াহে লক্ষনীয় হ’ব।