আব্দুল হক
নগৰবেৰা
২৬ জুলাই
বৰপেটাৰ চৰাঞ্চলত বানপানী আৰু খহনীয়া প্ৰভাৱিত অঞ্চল পৰিভ্ৰমণ বৰপেটা জিলা অতিৰিক্ত উপায়ুক্ত, চেঙা ৰাজহ চক্ৰ বিষয়া, চেঙা খণ্ড উন্নয়ন বিষয়া আৰু জল সম্পদ বিভাগৰ অভিযন্তাৰ। কিছুদিন পূৰ্বে চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলীয়ে জিলা উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হৈ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাখনৰ উচ্চ পদস্থ বিষয়াৰে এক পাঁচ জনীয়া কমিটি গঠন কৰিছিল।
চলিত বছৰত এটাৰ পিছত আনটো বানে ৰাজ্যত ব্যাপক ক্ষতি সাধন কৰিছে। বিশেষকৈ নামনি অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত চৰাঞ্চল সমূহত বানৰ লগতে খহনীয়াই কালৰূপ ধাৰণ কৰাত ঘৰ-দুৱাৰ, কৃষিভূমি সকলো নদীৰ বুকুত জাহ যোৱাত অঘৰীৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ লোকে। জিলাখনৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাঞ্চল সমূহৰ কেবাখনোগাঁও গৰাখহনীয়াৰ তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে। কিছুদিন পূৰ্বে চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলীয়ে বানপীড়িত অঞ্চল ভ্ৰমণ কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বানপানীয়ে এটি সুতিনৈৰ সৃষ্টি কৰি কাছুমাৰা, মহচৰা, শিমুলবাৰীকে ধৰি কেবাখনো অঞ্চললৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনা প্ৰত্যক্ষ কৰিছিল। ইতিমধ্যে অঞ্চল কেইটাৰ বহু চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, ৰাজহুৱা বজাৰ, আৰক্ষী থানা আদিলৈও ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। অঞ্চল কেইটাত গৰাখহনীয়া ৰোধৰ বাবে বিধায়ক শুকুৰ আলীয়ে জিলা উপায়ুক্তৰ সৈতে এক আলোচনাত মিলিত হৈ জিলাখনৰ উচ্চ পদস্থ বিষয়াৰে এক পাঁচ জনীয়া কমিটি গঠন কৰিছিল। বিধায়ক গৰাকীয়ে গঠন কৰা পাঁচ জনীয়া বিষয়াৰ দলটোৱে দেওবাৰে নাৱৰে খহনীয়া প্ৰভাৱিত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। সম্প্ৰতি খহনীয়া প্ৰতিৰোধৰ বাবে কাছুমাৰা আৰু মহচৰা গাঁও পঞ্চায়তত চলি থকা বান্ধৰ কাম অব্যাহত ৰাখিবলৈ সভাপতিক পৰামৰ্শ দিয়ে দলটোৱে। পাঁচ জনীয়া দলটোৱে কাছুমাৰা পৰিদৰ্শন বাঙলা আৰু মহচৰা গাঁও পঞ্চায়ত কাৰ্যালয়ত ৰাইজৰ সৈতে মত বিনিময়তো মিলিত হয়।
বৃহত্তৰ অঞ্চলটোৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথ খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ জড়িয়তে এটি প্ৰজেক্ট লোৱা হব বুলিও জানিবলৈ দিয়ে দলটোৰ সদস্য সকলে। গৰাখহনীয়া প্ৰতিৰোধৰৰ বাবে বিধায়ক শুকুৰ আলীয়ে গ্ৰহণ কৰা পদক্ষেপক ৰাইজে আদৰণি জনায়।