আনিছুৰ আলী

গৌৰীপুৰ 

২৬ জুলাই

বগৰিবাৰীত অবৈধ অস্ত্ৰসহ দুই যুৱক আটক। এক গোপন খবৰৰ ভিত্তিত বগৰিবাৰী আৰক্ষীয়ে অভিযান চলাই ৭.৬৫ এম এম পিষ্টল আৰু গুলীসহ যুৱক দুজনক আটক কৰে।

ধুবুৰী জিলাৰ অন্তৰ্গত বগৰিবাৰীত দেওবাৰে বগৰিবাৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৭.৬৫ এম এম পিষ্টল আৰু গুলীসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱক দুজন ক্ৰমে চিৰাং জিলাৰ আমটেকা অঞ্চলৰ মহন্ত নাৰ্জাৰী আৰু ওদালগুৰি জিলাৰ দাইখাং অঞ্চলৰ ৰিজয় সৰ্গীয়াৰী বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, কিছুদিন পূৰ্বেও আৰক্ষীয়ে বগৰিবাৰীৰ অন্তৰ্গত ডুলিগাঁৱত অবৈধ অস্ত্ৰসহ এজন যুৱক আটক কৰিছিল।

বগৰিবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অবৈধ অস্ত্ৰসহ দুজনকৈ যুবক আৰক্ষীৰ জালত পৰা ঘটনাই সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে৷