বৰপেটা, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: বৰপেটা জিলাৰ ভালুকী-শালমাৰাত অহা ১৭, ১৮ আৰু ১৯ জানুৱাৰীৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলাভিত্তিত বিশাল ইছলাম ধৰ্মীয় ইস্তেমা অনুষ্ঠিত হ’ব। দিল্লীস্থ বিশ্ব তবলীগি মাৰ্কাজৰ পৰা পৰিচালিত এই ধৰ্মীয় ইস্তেমাত উদ্যোক্তা সকলে জানিব দিয়া মতে পাচঁ লাখৰো ভক্ত প্ৰান লোকৰ সমাগম হ’ব বুলি জানিব পৰা গৈছে। এই ধৰ্মীয় সভাত একেবাৰতে ২০ হেজাৰ লোকক খাদ্য দিব পৰা ব্যৱস্থা আছে। এই ইস্তেমাৰ কাম পূৰ্ণগতিত চলি আছে আৰু এই ইস্তেমাৰ দিগ ৬০০ ফুট আৰু বহল ৪০০ ফুট। ইস্তেমাৰ পেণ্ডেলৰ মাজত ১৭ টা ভাগত বিভক্ত কৰিছে। প্ৰত্যেকটো ব্লকৰ পৰা মানুহে সহায় সহযোগিতাৰে কাম কৰি আছে। ইতিমধ্যে ইস্তেমাৰ যাবতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। সভাত মূখ্য অতিথি হিচাপে বিশ্ব আমিৰ হজৰতজী মৌলানা ছাদ চাহাব, মুফতি আব্দুল ওৱাহাব কাছিমী সহ আন কেবাজন আলিম উপস্থিত থাকিব।