বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫ ,১৬ জানুৱাৰী: ভোগালী বিহুৰ দোমাহীৰ দিনাখনেই বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াৰ চৰেমাৰা চুবুৰীত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি মংগলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত বিহদিয়াৰ পৰা বৰগাঁও অভিমুখে গৈ থকা এ এছ ২৫ এম ১০১৮ নম্বৰৰ ছুজুকি কোম্পানীৰ জি এস্ক এল ই বাইক খনে তীব্ৰ বেগেৰে বিদ্যুতৰ খুটাত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে। ফলত বাইক আৰোহী ৰঙিয়া থানাৰ অন্তৰ্গত ভেহবাৰীৰ নিপেন দাসৰ পুত্ৰ পৱন দাস (৩২) গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ থিতাতে নিহত হয় লগতে বাইকৰ পিছত বহি থকা একে ঠিকনাৰ আদিত্য দাসৰ পুত্ৰ সমীন্দ্ৰ দাস (১৬) আঘাত প্ৰাপ্ত হয়। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োজন বাইক আৰোহীক বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসালয়ত চিকিৎসকে পৱন দাসৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । আনহাতে আঘাত প্ৰাপ্ত সমীন্দ্ৰ দাসক প্ৰাথমিক চিকিৎসা কৰোৱাৰ লগতে স্থানীয় আৰক্ষীয়ে মৃত পৱন দাসক মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ্ লৈ প্ৰেৰণ কৰে ।