গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুনঃ সাম্প্রতিক সময়ত সর্বত্র ব্যাপক চর্চা লাভ কৰা ভুৱা বাতৰিৰ ভয়াবহতাৰ প্রতি লক্ষ্য ৰাখি এনে সামাজিক বিষবাষ্পৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সমগ্র গুৱাহাটী চহৰতে মুকলি কৰা হৈছে এক সজাগতামুলক অভিযান-ফেকমত। বিশেষকৈ ছ’চিয়েল মিডিয়া তথা ডিজিটেল মিডিয়াযােগে ক্ষীপ্রতাৰে সম্প্ৰসাৰিত হােৱা ভুৱা বাতৰিৰ বিৰুদ্ধে ‘ফেকমত’ শীর্ষক অভিযান আৰম্ভ কৰিছে জিপ্লাছে। উল্লেখ্য যে এই অভিযান বিভিন্ন প্রচাৰ মাধ্যম যেনে ডিজিটিল মিডিয়া, ছ’চিয়েল মিডিয়া, আউটডুৰ আৰু প্রিন্ট মিডিয়াযােগে সম্প্রচাৰ কৰাৰ লগতে বিভিন্ন অনপ্রাউণ্ড অনুষ্ঠানৰ মাধ্যমেৰে যথাসম চহৰখনৰ প্ৰতিগৰাকী লােককে সাঙুৰি লােৱাৰ চেষ্টা কৰা হ’ব। এই ‘ফেকমত’ অভিযানত সেইসকল যুৱপ্ৰজন্মৰ লােকক সামৰি লােৱাৰ প্ৰয়াস কৰা হ’ব যিসকলে সততে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত হৈ থাকে। যিহেতু ইণ্টাৰনেটত প্রতিদিনে বৃহৎ সংখ্যক বাতৰিৰ সম্প্ৰচাৰ হয়, গতিকে তাৰ মাজতে ভুৱা বাতৰিৰ অন্তর্ভুক্তি অস্বাভাৱিক নহয়, ইয়াৰ ভিতৰত শেহতীয়াকৈ সর্বত্র প্রচাৰিত হােৱা ‘সােপাধৰাৰ বাতৰিও অন্যতম। উল্লেখ্য যে এই অভিযানলৈ পূর্ণ সমর্থন আগবঢ়াই ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্ত বিশ শর্মাই কয়, “আমাৰ সমাজত ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ মই সকলােকে অনুৰােধ জনাইছে। কিয়নাে এই ভুৱা বাতৰিৰ কুপ্রভাৱৰ ফলতে শেহতীয়াকৈ আমি অতি দুখজনক পৰিস্থিতিৰ মুকামুখি হ’বলগীয়া হৈছে। গতিকে সকলােকে অনুৰােধ যে কোনােৱেই যেন ভুৱা বাতৰি প্ৰচাৰ নকৰে।” ইফালে এই অভিযানৰ উদ্যোক্তা জিপ্লাছৰ প্রকাশক তথা পৰিচালন সঞ্চালক সুনিত জৈনে এই সন্দৰ্ভত কয়, “একমাত্র ডিজিটেল মিডিয়াত প্রচাৰ হােৱা কিছু ভুৱা তথা উৰাবাতৰিৰ বাবেই দুজনকৈ যুৱকে প্রাণ হেৰুৱাবলগীয়া হ’ল আৰু সমগ্র অসমেই এক উত্তেজনাময় পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল। এগৰাকী প্রকাশক হিচাপে আৰু চহৰবাসীৰ আস্থাভাজন হিচাপে আমাৰ এইক্ষেত্ৰত গধুৰ দায়িত্ব আছে আৰু সেয়েহে ডিজিটেল মিডিয়াত ভুল বাতৰি প্ৰচাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে পদক্ষেপ গ্ৰহণৰ দায়িত্ব আছে বুলি অনুভৱ কৰিয়েই এই অভিযান আৰম্ভ কৰিছাে।” উল্লেখ্য যে এই অভিযানত ইতিমধ্যেই মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি শিল্পী ক্রমে জুবলি, উৎপল দাসৰ লগতে নিশিতা গােস্বামীয়ে অংশগ্রহণ কৰিছে।
![](https://sangbad365.com/wp-content/uploads/2018/06/FakeMat.jpg)