গোৱালপাৰা, সংবাদ ৩৬৫, ২১ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে দেশ কঁপাই যোৱা কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ পিছত গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত পুখুৰীপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত একাংশ মৰেল পুলিচে এহাল যুৱক-যুৱতীৰ ওপৰত ৰাজহুৱা ভাৱে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা ভিডিঅই সমগ্ৰ অঞ্চলজুৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা ১৭ জুন তাৰিখে গোৱালপাৰা জিলাৰ ৰংজুলিৰ শিমলীতোলা গাঁৱৰ এজন যুৱক আৰু পুখুৰীপাৰা গাঁৱৰ এগৰাকী যুৱতীয়ে মটৰ চাইকেলেৰে ঘৰলৈ গৈ থাকোঁতে কিছুমান স্থানীয় লোকে যুৱক-যুৱতী হালক পথৰ আঁৰত আগুৰি ধৰি প্ৰহাৰ কৰে। যুৱক-যুৱতী হালৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে কিছুমান লোকে যুৱক-যুৱতী হালক আক্ৰমণ কৰা বুলিও জানিব পৰা গৈছে। আনহাতে যুৱক-যুৱতীৰ ওপৰত আক্ৰমণৰ খবৰ পাই স্থানীয় এজন সংবাদাতা বাতৰি সংগ্ৰহ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱাত আক্ৰমনকাৰী সকলে সাংবাদিকজনক বাধা প্ৰদান কৰাৰ লগতে এই খবৰ ৰাজহুৱা কৰিলে সাংবাদিকজনলৈ চৰম বিপদ আহিব বুলিও ভাবুকি প্ৰদান কৰে।