গুৱাহাটী, ১৪ এপ্ৰিলঃ বছৰৰ প্ৰথমটো বিহু অনুষ্ঠানতে হিন্দী গান গোৱাক লৈ জুবিন গাৰ্গ আৰু নুনমাটি বিহু সমিতিৰ মাজত হোৱা বিতৰ্কক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হিন্দী গান গোৱাৰ বাবে যোৱাকালি নুনমাটি বিহু সমিতিয়ে জুবিন গাৰ্গক বাধা প্ৰদান কৰাত গীত গোৱা বন্ধ কৰি অনুষ্ঠান আধাতে সামৰে গায়ক গৰাকী৷ এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱাৰ পিছতে আজি প্ৰখ্যাত গায়ক গৰাকীয়ে নিজৰ মন্তব্য দাঙি ধৰে৷ সংবাদ মাধ্যমৰ আগত আজি জুবিন গাৰ্গে মত পোষণ কৰি কয় যে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা আৰু ৰাষ্ট্ৰীয় ভাষাত গান গোৱা অপৰাধ নহয়৷ মই মোৰ গানবোৰ গাই যাম৷ মোক হিন্দী গান গাবলৈ বাধা দিয়া সকলে প্ৰকৃততে ৰাষ্ট্ৰীয় ভাষাক অপমান কৰিছে আৰু তেওঁলোক জেললৈ যাব লাগে৷ জুবিনে আৰু কয় যে তেওঁ সকলোবোৰ বিহু অনুষ্ঠানত হিন্দী গান গাব৷ জুবিনে নুনমাটিত হিন্দী গান গোৱাক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ পিছত যোৱাকালি ভৰলুমুখৰ বিহুমঞ্চত হিন্দী গান গাইছিল আৰু আজি বঙাইগাঁওৰ বিহু অনুষ্ঠানত ভাগ লৈ হিন্দী গান গাব বুলি জানিবলৈ দিয়ে৷