মানকাচৰ 

২৮ এপ্ৰিল

মঙলাবাৰে মানকাচৰত ৮ জন লোকৰ শৰীৰত ধৰা পৰে কভিড। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৫৪ জনলৈ বৃদ্ধি পায় কভিড আক্রান্ত লোকৰ সংখ্যা। ভাৰত-বাংলাদেশ সীমান্তত কেইবাজনো বি এছ এফৰ জোৱান আক্রান্ত হৈছে কভিডত।

দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত নিয়ন্ত্ৰণহীন হৈ পৰিছে কভিড মহামাৰী। প্ৰতিদিনে লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে চিকিৎসালয় সমূহত কভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। চিকিৎসালয় সমূত ঠাইৰ অভাৱৰ লগতে অক্সিজেনৰ নাটনিৰ বাবে মৃত্যুৰ মুখত পৰিছে বহু লোক। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ক্ৰমাৎ বেয়াৰ দিশে গতি কৰিছে কভিড পৰিস্থিতি। অসমত প্ৰতিদিনে কভিড আক্ৰান্তৰ সংখ্যা ভয়াবহ হাৰত বৃদ্ধি পাবলৈ ধৰিছে। নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মঙলাবাৰৰ দিনটোলৈ কভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পায় ৫৪ জনলৈ। মঙলাবাৰে জিলাখনত নতুনকৈ ৮ জন লোকৰ শৰীৰত ধৰা পৰে কভিডৰ অৱস্থিতি। মানকাচৰৰ কাকৰিপাৰা, জোৰডাঙ্গা, ভুৰাকাটা, দাসপাৰাকে আদি কৰি কেইবাখনো গাঁৱৰ ৮ জন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰে। জিলাখনত প্ৰতিদিনে কভিড ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাই থকাৰ মাজতে কভিড নীতি-নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।

মানকাচৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত মাস্ক পৰিধান নকৰাৰ লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি জৰিমনা বিহাৰ ব্যৱস্থাও হাতত লৈছে। ইফালে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত হৈ থকা ৭ জনকৈ বি এছ এফৰ জোৱানৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে। উল্লেখ্য যে দেশত বিগত সাত দিন ধৰি ধাৰাবাহিকভাৱে কভিড আক্রান্ত লোকৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিছে।