গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট: মহানগৰীৰ দুখনকৈ বিলাসী ৰেষ্টুৰেণ্টত সোমবাৰে খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই সাত দিনৰ বাবে ৰেষ্টুৰেণ্ট দুখন বন্ধ কৰি দিয়ে। গ্ৰাহকৰ অভিযোগৰ ভিত্তিত খাদ্য সুৰক্ষা বিভাগে প্ৰথমে মহানগৰীৰ লাচিত নগৰস্থিত কস্তুৰী ৰেষ্টুৰেণ্টত অভিযান চলায়। ৰেষ্টুৰেণ্টখনলৈ আহাৰ গ্ৰহণ কৰিবলৈ অহা এগৰাকী গ্ৰাহকে দেওবাৰে খাদ্য সুৰক্ষা বিভাগক ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। অভিযানত খাদ্য সুৰক্ষাৰ অভিযানকাৰী দলটোৱে ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীঘৰৰ পৰিৱেশ অস্বাস্থ্যকৰ প্ৰত্যক্ষ কৰে। আৰু আমিষ আৰু নিৰামিষ খাদ্য একেটা ফ্ৰীজত সংৰক্ষণ কৰি ৰখাও প্ৰত্যক্ষ কৰে। খাদ্য সুৰক্ষৰ দলটোৱে ৰেষ্টুৰেণ্টখনৰ পৰা ম্যাদ উকলি যোৱা ছাতুগুৰি জব্দ কৰি পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰে। খাদ্য সুৰক্ষা বিভাগে ৰেষ্টুৰেণ্টখন অহা সাত দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশনাও প্ৰেৰণ কৰিছে। আনহাতে শিলপুখুৰীস্থিত কুইক্ক পিক ৰেষ্টুৰেণ্টখনত এগৰাকী মহিলাই খাদ্যত পইতাচোৰা পোৱাৰ অভিযোগ খাদ্য সুৰক্ষা বিভাগক দাখিল কৰাৰ পিছত খাদ্য সুৰক্ষা বিভাগে ৰেষ্টুৰেণ্টখনত অভিযান চলাই ৰেষ্টুৰেণ্টখন অহা সাত দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বেও খাদ্য সুৰক্ষা বিভাগে মহানগৰীৰ বিভিন্ন স্থানত থকা হোটেল আৰু ৰেষ্টুৰেণ্টত অভিযান চলাই হোটেল আৰু ৰেষ্টুৰেণ্টসমূহত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰা প্ৰত্যক্ষ কৰি হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।
