চিৰাঙ, সংবাদ ৩৬৫, ২১ আগষ্ট: চিৰাঙৰ মাদুলিপৰা প্ৰাথমিক বিদ্যালয়, ওদালগুৰি এম ই মাদ্ৰাছা আৰু ওদালগুৰি প্ৰাথমিক বিদ্যালয় সম্প্ৰতি আই নদীৰ গৰাখহনীয়াৰ কৱলত। যিকোনো মুহূৰ্ততে বিলীন হোৱাৰ পথত এই বিদ্যালয় কেইখন। নিজৰ বিদ্যালয় কেইখনক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ সোমবাৰে মাদুলিপৰা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত কণ কণ ছাত্ৰ ছাত্ৰীসহ শিক্ষক আল্লাৰ শৰনাপন্ন হয়। আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰি সহায় বিচাৰে গাঁওখন আৰু বিদ্যালয় কেইখন ৰক্ষাৰ বাবে। ইতিমধ্যে ছোটো আমগুৰি, ১ নং আৰু ২ নং ছৌৰবাৰী, সন্যাসিবাৰী আদি গাঁও আই নদীৰ বুকুত বিলীন হৈছে। ছৌৰবাৰী অংগণবাদী কেন্দ্ৰ আই নদীৰ বুকুত জাহ যোৱা দুবছৰেই হৈ গল। চিৰাঙৰ এই অঞ্চলটো বঙাইগাঁও আৰু বিজনী বিধান সভা সমষ্টিৰ সীমামূৰীয়া। একেদৰে কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰো সীমামূৰীয়া। গতিকে খহনীয়াৰ এই ব্যাপক প্ৰতিৰোধৰ বাবে গাওবাসীয়ে বহুবাৰ লোক সভা সমষ্টিৰ সাংসদ চিৰাজুদ্দিন আজমল আৰু নৱ শৰণীয়াক লিখিতভাবে জনোৱাৰ লগতে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভুষণ চৌধুৰী, বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, চিৰাঙ জিলা উপায়ুক্ত, বিজনী মহকুমাধিপতিকো কেবাবাৰো লিখিতভাৱে আবেদন কৰিছে যদিও বৰ্তমান কোনোধৰণৰ সুফল পোৱা নাই। কোনো মন্ত্ৰী বিধায়ক সাংসদ বা জিলা প্ৰশাসনৰ লোকে অঞ্চলতোলৈ অহা দূৰৰে কথা খবৰ লবলৈয়ো আজি পৰ্য্যন্ত অহা নাই। অকল সংবাদ মাধ্যমৰ আগত হে গাওবাসীয়ে তেওঁলোকক দেখিছে বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে। যিহেতু চৰকাৰ প্ৰশাসনে অঞ্চলটোৰ লোক সকলক আই নদীৰ ভয়াবহ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই সেয়ে সৃষ্টিকৰ্তা আল্লাৰ বাদে ৰক্ষা কৰোঁতা কোনো নাই গতিকে উপায়ন্তৰ হৈ অঞ্চলটোৰ লোকসকলৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰী শিক্ষক আদি চিৰাঙৰ মাদুলিপৰা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সোমবাৰে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনাই শৰণাপন্ন হয়।