তিতাবৰ, ২২ এপ্ৰিলঃ তিতাবৰ বালিজান ৰজাবাৰীৰ এগৰাকী মহিলা দুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে৷ মহিলাগৰাকীৰ নাম গীতা ভূঁঞা (২৩)৷ গীতা এটা তিনিবছৰীয়া সন্তানৰ মাতৃ৷ স্বামী মানিক ভূঁঞাই জানিবলৈ দিয়া অনুসৰি যোৱা ২০এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে গীতা ভূঁঞা৷ পৰিয়ালৰ লোকে তিতাবৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ কোনো লোকে নিৰুদ্দেশ গীতা ভূঁঞাৰ শুংসূত্ৰ পালে স্থানীয় আৰক্ষী থানাত জনাবলৈ পৰিয়াল লোকে আহ্বান জনাইছে৷