জোনমণি বেগম

বিশ্বনাথ

১৬ জুন

নতুন চৰকাৰখন গঠন হোৱাৰ পিছতে ৰাজ্যত মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলা সকলে নতুন চৰকাৰখনৰ পৰা তেওঁলোৰ ঋণ মাফ কৰিব বুলি আশা কৰিছিল। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰখনৰ তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা-সমিতিয়ে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে মহিলা সকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ গঠন হ’ল আৰু তেতিয়াৰ বিত্তমন্ত্ৰী নতুন চৰকাৰখনৰ মুখ্যমন্ত্ৰী হ’ল।

এতিয়া মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত নতুন চৰকাৰখনে গ্ৰহণ কৰা স্থিতিকলৈ মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকল জাঙুৰ খাই উঠিছে। ৰাজ্যজুৰি মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বুধবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে।

বিশ্বনাথত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকল একত্ৰিত হৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথৰ কুঁৱৰি গাঁৱত শতাধিক মহিলা ওলাই আহি মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায়।

ইফালে বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত একাংশ মহিলাই ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰা সন্দৰ্ভত চৰকাৰখনৰ সিদ্ধান্তৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰী একাংশ মহিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া বুলিও আখ্যা দিয়ে। মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আৰ বি আইৰ গাইডলাইনক বিৰোধিতা কৰে প্ৰতিবাদকাৰী মহিলাসকলে।