মানিকপুৰ, সংবাদ ৩৬৫, ৩ নৱেম্বৰ: ধলাৰ নৰসংহাৰৰ প্ৰতিবাদত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে দিয়া ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ঠায়ে ঠায়ে ভিন্ন ভিন্ন পৰিলক্ষিত হোৱা দেখা যায়। বঙাইগাঁও জিলাৰ মানিকপুৰতো ৰাতিপুৱা বন্ধৰ সমৰ্থনত ওলাই অহা বঙালী যুব ছাত্ৰ ফেডাৰেচনৰ সদস্য সকলক পহু খেদা দিয়ে স্থানীয় ৰাইজ তথা দল সংগঠনে। ধলাত উক্ত ঘটনা সংঘটিত হোৱাৰ বিৰুদ্ধে শনিবাৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে যি অসম বন্ধৰ আহ্বান জনাইছিল তাৰ বিৰুদ্ধে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, আমছু আদি কৰি বিভিন্ন দল সংগঠনৰ সদস্য সকল ওলাই আহি বন্ধৰ সমৰ্থক সকলক পহু খেদা দিয়াৰ লগতে মানিকপুৰ আৰক্ষীক আগুৰি ধৰি বন্ধৰ সমৰ্থকক আজি কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন কৰে। উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত ২৬ টাকৈ সংগঠনে অসম বন্ধ দিয়াত পুলিচ প্ৰশাসন আৰু চৰকাৰ উঠি পৰি লাগিছিল। কিন্তু শনিবাৰৰ বন্ধত পুলিচ প্ৰশাসন তথা চৰকাৰে পৰোক্ষভাৱে সহায় কৰা পৰিলক্ষিত হৈছে বুলি দল সংগঠনে অভিযোগ তুলি বিভিন্ন শ্লো গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।