নাৰায়নপুৰ, সংবাদ ৩৬৫, ৩ নৱেম্বৰ: ধলাৰ নৰসংহাৰ হত্যাকাণ্ড আদি এশ-এবুৰি সমস্যাৰ মাজতো নাৰায়নপুৰৰ কেইবাখনো বিদ্যালয়ত ২ নৱেম্বৰত সম্পন্ন হয় দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ দৰে চৰকাৰী পৰীক্ষা । লখিমপুৰ জিলাৰ নাৰায়নপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত অতিকৈ পিচপৰা অঞ্চল ৰাইডঙিয়াত অৱস্থিত বাপুজী প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা তথৈবচ যদিও ছাত্ৰ-ছাত্ৰী সকলক শিক্ষক সকলে দিয়া পাঠদানে গুনোৎসৱ পৰীক্ষক গৰাকীৰ মন জয় কৰি তোলে । অতি জৰাজীৰ্ন ভগা জুপুৰিৰ ভিতৰতো পাঠদান কৰিও কৃতজ্ঞ হোৱা বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় গৃহটি পকীকৰণ হ’লে আৰু আগুৱাই যাব পৰিব বুলি পৰীক্ষক গৰাকীয়ে কামনা কৰিছে। আনহাতে অঞ্চলটোৰ এখন বিদ্যালয়ত শনিবাৰে গুনোৎসৱৰ পৰীক্ষক গৰাকী উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষন পৰ্যবেক্ষণ কৰি আপ্লুত হৈ পৰে। উক্ত এলেকাটোত কোনো যাতায়তৰ ব্যৱস্থা নাই, বিজুলীৰ ব্যবস্থা নাই, খোৱা পনীকে ধৰি কোনো চৰকাৰী ব্যৱস্থা নাই। বানপানীৰ কবলত পৰা উক্ত চকীয়াল প্ৰাথমিক বিদ্যালয়ত শনিবাৰে পৰীক্ষক গৰাকী উপস্থিত হৈ নিজকে ধন্য হোৱা বুলি প্ৰকাশ কৰি অসম চৰকাৰে আন নহলেও যাতায়তৰ ব্যবস্থাটো কৰিলে আৰু উপকৃত হব বুলি মন্তব্য প্ৰকাশ কৰিছে ।