মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৯ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে  মিৰ্জাৰ বি এম ক্ৰিয়েচনে প্ৰথমবাৰৰ বাবে দেওবাৰে আয়োজন কৰে মিছেছ্ চাউথ কামৰূপ মিৰ্জাৰ শ্বহীদ ভৱনত দেওবাৰে নিশা অনুস্থিত হোৱা এই মিছেছ্ চাউথ কামৰূপ প্ৰতিযোগিতাত বিচাৰক হিচাপে থাকে ফেচন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, মিৰ্জাৰ অধ্যাপিকা গাৰ্গী চক্ৰৱতী, জুৱেলাৰী ডিজাইনাৰ ৱাহিদা ৰহমান আৰু মিছেছ আৰ্থ ইউনিৰ্ভাচ কিৰন বড়ো। এই মিছেছ্ চাউথ কামৰূপৰ চুড়ান্ত বিজয়ী হিচাপে মিছেছ্ চাউথ কামৰূপৰ খিতাপ অৰ্জন কৰে ছয়গাওঁৰ জেউতি দাস আৰু প্ৰথম ৰাৰ্নাছ আপ হয় ভিআইপিৰ মিনাক্ষী দত্ত আৰু দ্বীতিয় ৰাৰ্নাছ আপ হয় মিৰ্জাৰ প্ৰনিতা দাস। মিৰ্জাৰ আল্পনা দাসে কিটছেন কুইন আৰু মিছেছ্ টেলেন্টেডৰ সন্মান লাভ কৰে ঝাৰোবড়ীৰ সংগীতা দাসে। মিছেছ্ মোষ্ট পপুলাৰ সন্মান লাভ কৰে মিৰ্জাৰ নিলাক্ষী হালৈয়ে। মিছেছ্ হিউমিনিতিৰ সন্মান লাভ কৰে মিৰ্জাৰ বিনীতা দেৱী দাস। আনহাতে বিজয়নগৰৰ তৰালী মজুমদাৰে মিছেছ্ প্ৰেজেনবল লগতে মিৰ্জাৰ যুথিকা দাসে মিছেছ্ বিউটিফুল হেয়াৰ সন্মান লাভ কৰে। মিৰ্জাৰ সুমিতা নাথে মিছেছ্ ক্ৰিয়েটিভ আৰ্ট, মিৰ্জাৰ জুৰি বৰুৱা কলিতাই মিছেছ্ ফটোজেনিক আৰু মিৰ্জাৰ সাগৰিকা চৌধুৰীয়ে মিছেছ্ বিউতিফুল স্কীনৰ ছাব টাইটেল লাভ কৰে।