মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ সোমবাৰে নিশা দক্ষিণ কামৰূপৰ বিজয়নগৰত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। বাইকত অহা দুই দুৰ্বৃত্তই এজন লোকক গুলিয়াই কাঢ়ি লৈ যায় টকাৰ বেগ। বিজয়নগৰৰ জৈন মন্দিৰৰ সমীপত শান্তিলাল জৈন নামৰ ব্যৱসায়ীজন নিশা নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ঘৰ অভিমুখী গৈ থাকোতে বাইকেৰে অহা দুজন দুৰ্বৃত্তই ব্যৱসায়ীজনক পথৰ ওপৰত গুলিয়াই ব্যৱসায়ীজনৰ লগত থকা টকাৰ বেগ লৈ পলায়ন কৰে। গুলিচনৰৰ ঘটনাৰ পিছত আহত ব্যৱসায়ী শান্তিলাল জৈনক গুৱাহাটী মেডিকেল হাস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ব্যক্তিজনৰ মৃত্যু ঘটে। অৱশ্যে চিচিটিভিত গুলিচালনাৰ সমগ্ৰহ দৃশ্য বন্দী হোৱাত আৰক্ষীয়ে চিচিটিভিৰ দৃশ্য সংগ্ৰহ কৰি তদন্ত  আৰম্ভ কৰিছে। সোমবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছত বিজয়নগৰত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকৰ লগতে ব্যৱসায়ীসকলে।