মিৰ্জা, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: স্বাস্থ্যই পৰম ধন । এটি সুস্থ সুস্থ মনৰ অধিকাৰী হ’ব লাগিলে এটি সুস্থ শৰীৰৰ অধিকাৰী হ’ব লাগিব। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে কেইগৰাকীমান উদ্যমী মহিলাৰে গঠিত সৃষ্টি গ্ৰুপে মিৰ্জাত মুকলি কৰিলে ফিটনেছ আৰু ডান্সৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটিত দিল্লীৰ পৰা অহা অভিজ্ঞ প্ৰশিক্ষকে শিক্ষা প্ৰদান কৰিব । এই মুকলি অনুষ্ঠানত গীত-মাত, নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব। এই সৃষ্টি গ্ৰুপৰ মহিলাসকলে বিভিন্ন কৰ্মশালাৰ লগতে গীত-মাত আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।