গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাস আৰু মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰা গোলাপ ৰাভাৰ পাছত এইবাৰ অসমবাসীৰ বাবে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসম কন্যা সংগীতা চৌধুৰী। যোৱা ২৭ অক্টোবৰত ফিলিপাইন্সত অনুষ্ঠিত হোৱা মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০১৮ ৰ খিতাপ দখল কৰি বিজয়ৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হৈছে মহানগৰীৰ আদাবাৰীৰ সংগীতা চৌধুৰীয়ে। ২৮ খন দেশৰ মহিলাসকলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনিত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা সংগীতা চৌধুৰীয়ে মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০১৮ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। আৰু বিজয়ৰ মুকুট শিৰত পিন্ধি মঙ্গলবাৰে পুৱা ফিলিপাইন্সৰ পৰা উভতি আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। আৰু বিমানবন্দৰত উপস্থিত হোৱাত আত্মীয় তথা শুভকাংশী সকলে আদৰণি জনায়। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি সংগীতা চৌধুৰীয়ে যথেষ্ঠ অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হয় বুলিও সংবাদ মাধ্যমৰ আগত কয় ।