মিৰ্জা, সংবাদ ৩৬৫, ৪ নৱেম্বৰ: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্নীতিৰ কথা কৈ নিজৰ বিভাগটোক নিকা কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত মিৰ্জা বনাঞ্চলিক কাৰ্যলয়ৰ অধীনৰ মালিয়াটা পাহাৰত নিশাৰ আন্ধাৰত অব্যাহত আছে অবৈধ খনন কাৰ্য। দিনৰ ভাগত ৰেলৱেৰ নিৰ্মান কাৰ্যত খনন চলোৱাৰ অনুমতি প্ৰদান কৰি নিশা চলায় অবৈধ খনন কাৰ্যৰ মুকলি অনুমতি। চাৰি-পাচ খন ডাম্পাৰেৰে বন বিষয়া মনোজ দাসৰ জ্ঞাত সাৰেই অন্য ব্যক্তিগত নিৰ্মীয়মান স্থানলৈ সৰবৰাহ কৰাই পাহাৰৰ মাটি। এই গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ। দিনৰ ভাগত মিৰ্জা বন কাৰ্য্যালয়ৰ বনকৰ্মীক খনন কাৰ্য চলোৱা স্থানত ৰাইজক দেখুওৱাই নিৰীক্ষন কৰিব দি এন্ধাৰ হ’লেই বনকৰ্মীক যাবলৈ দি ৰাইজক আভুৱাভাৰি দেখুৱাই মনোজ দাসে নিতৌ চলাই আহিছে এই মাফিয়াৰাজ। বন বিষয়া গৰাকীৰ এই মাফিয়াৰাজক নাকি লগাবলৈ দেওবাৰে মিৰ্জাৰ স্থানীয় যুৱকসকল ওলাই আহে। গভীৰ নিশালৈ অবৈধভাৱে মালিয়াটা পাহাৰত খনন কাৰ্য চলোৱাত অতিষ্ঠ হৈ পৰা ওচৰ-চুবুৰাই দেওবাৰে নিশা জব্দ কৰে তিনিখনকৈ ডাম্পাৰ। এন চি দাস নামৰ ঠিকাদাৰেৰে গোপন মিতিৰালি কৰি মিৰ্জা বনবিষয়া গৰাকীয়ে সকলো পক্ষক মেনেজ কৰাৰ গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে পূৰ্বে ৰাইজৰ এনেধৰনৰ অভিযোগৰ ভিত্তিতেই মনোজ দাসক ইতিমধ্যে বদলি কৰনৰ নিৰ্দেশ জাৰি কৰা হৈছে যদিও এতিয়ালৈকে ৰহস্যজনক ভাৱে বদলি কৰন কৰা হোৱা নাই । এতিয়া প্ৰশ্ন হয় যে বন মন্ত্ৰীয়ে সততে দুৰ্নীতিৰ কথা দোহাই নিজৰ বিভাগটোক নিকা কৰিবলৈ এইসকল বন বিষয়াক এতিয়া কি ব্যৱস্থা গ্ৰহন কৰিব ।
