বটদ্ৰৱা, সংবাদ ৩৬৫, ৩ নৱেম্বৰ: ৰাজ্যত চৰকাৰী বিদ্যালয় সমূহত চলি থকা গুণোৎসৱৰ শনিবাৰে সফল সমাপ্তি ঘটে বটদ্ৰৱাৰ হাইডুবী উত্তৰপাৰা নিউ এল.পি.স্কুলৰ। বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত যোৱা ৩১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ আৰম্ভ হোৱা গুণোৎসৱৰ শনিবাৰে সফল সামৰনি পৰে। সেই উপলক্ষে শনিবাৰে শিক্ষাখণ্ডটোৰ অন্তৰ্গত হাইডুবী উত্তৰ পাৰা নিই এল.পি.স্কুলতো উলহ-মালহেৰে এই কাৰ্যসূচীভাগ পালন কৰা হয়। সেই উপলক্ষে আয়োজন কৰা প্ৰাৰ্থনা সভাত বিদ্যালয়খনৰ সভাপতি ছিৰাজুল ইছলাম,নিৰীক্ষকৰ দায়িত্বত থাকে মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বিকাশ পাটোৱাৰী,বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক নিতুমনি গোস্বামী, অভিভাৱক নজৰুল ইছলাম লগতে বিদ্যালয়খনৰ তিনিজন শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল। উল্লেখ্য যে,গুণোৎসৱৰ বাবে বিদ্যালয়খনৰ চৌদিশ সজাই পৰাই তোলাৰ লগতে শ্ৰেণীকোঠাসমূহো পৰিষ্কাৰকৈ ৰখা পৰিলক্ষিত হৈছিল। বিদ্যালয় খনৰ সকলো ছাত্ৰ-ছত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিদ্যালয়খনে কোন গ্ৰেড লাভ কৰিব সেয়া সময়েহে ক’ব ৷