ৰঙিয়া, ২১ এপ্ৰিলঃ ৰঙিয়াৰ তুলসীবাৰীত আজি এজন কিশোৰৰ মেকুৰীৰ কামোৰত মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিকিৎসকৰ পৰিবৰ্তে কবিৰাজৰ দ্বাৰা চিকিৎসা কৰাৰ কাৰণে কিশোৰজনে অকাল মৃত্যুক সাঁৱতিবলগীয়া হয়৷ মৃত কিশোৰজন তুলসীবাৰী শালবস্তিৰ পৰিমল পালৰ পুত্ৰ উজ্জ্বল পাল৷ তেওঁ তুলসীবাৰী বহুমুখী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ৷ প্ৰায় ৫ মাহৰ পূৰ্বে উজ্জ্বলক প্ৰতিবেশী ঘৰৰ মেকুৰীয়ে কামোৰে৷ উজ্জ্বলৰ পৰিয়ালৰ লোকে চিকিৎসকৰ পৰিবৰ্ত্তে কবিৰাজৰ ওচৰত চিকিৎসা কৰে৷ কিন্তু উজ্জ্বলৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি হোৱাত পৰিয়ালৰ লোকে বৃহস্পতিবাৰে উজ্জ্বলক জিএমচিএইচত লৈ চিকিৎসাৰ কাৰণে নিয়ে৷ জিএমচিএইচ চিকিৎসকে উজ্জ্বলৰ স্বাস্থ্যৰ উন্নতিৰ কোনো সুবিধা দেখা নাপাই চিকিৎসা নকৰাত, উজ্জ্বলক পৰিয়াল লোকে কালাপাহাৰ আন এখন চিকিৎসালয়লৈ নিয়ে৷ কিন্তু ইয়াতো ব্যৰ্থ হৈ নিশা উজ্জ্বলক ঘৰলৈ ঘূৰাই আনে৷ আজি পুৱা উজ্জ্বলে কৰুণ মৃত্যুক আকোঁৱালি লয়৷ একবিংশ শতিকাতো তন্ত্ৰ-মন্ত্ৰ আৰু তান্ত্ৰিকৰ ওপৰত থকা অন্ধ-বিশ্বাসৰ কাৰণে এজন কিশোৰে কৰুণ মৃত্যুক সাঁৱতিবলগীয়া হয়৷