শিৱসাগৰ, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ: শিৱসাগৰৰ দিচাংমুখ অফলা গাঁৱৰ দুই যুৱতী ক্ৰমে অঞ্জলী ছেত্ৰী(১৭) আৰু ডুমডুমাৰ আৰতি ছেত্ৰী(১৭) দেওবাৰে পুৱা ১১মান বজাত ব্ৰহ্মপুত্ৰৰ অফলা ঘাটত চেল্ফি উঠিবলৈ গৈ নদীৰ গৰাত ভৰি পিছলি সলিল সমাধি ঘটে। জানিব পৰামতে অফলা গাঁৱৰ নিবাসী কালমন ছেত্ৰীৰ ঘৰত পূজা উপলক্ষে ডুমডুমাৰ বান্ধৱী আৰতি ছেত্ৰীয়ে ফুৰিব আহিছিল। আৰু পূজাৰ শেষত দুই বান্ধৱী পূজাৰ সামগ্ৰী অফলা ঘাটত পেলাব গৈ চেল্ফি উঠিবলৈ লওঁতেই নদীৰ গৰাত পিছল খাই সলিল সমাধি ঘটে। এই ঘটনাটোৱে অফলা গাঁৱত বৰ্তমান শোকৰ ছাঁ বিৰাজ কৰিছে।