গুৱাহাটী, সংবাদ ৩৬৫, ডিচেম্বৰ: প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে আন্ত:ৰাষ্ট্ৰীয় কেৰম ফেডাৰচনৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পিছত দেওবাৰে দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। আৰু শুভাকাংশীসকলে তেওঁক আদৰণি জনোৱাৰ পিচত তেওঁ কয় যে ৰাজনীতি আৰু খেল কেতিয়াও এককাৰ নকৰে। লগতে তেওঁ বিজেপিক দলক সমালোচনা কৰি কয় যে অসমৰ ৰাজনীতিত এগৰাকী বতৰ বিজ্ঞানী আছে। একালৰ সতীৰ্থ ডঃ হিমন্তবিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ বতৰ বিজ্ঞানী বুলি কৈ তেওঁ সমালোচনা কৰে।