দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২৪ এপ্ৰিল : ৰাজ্যত সঘনাই বৃদ্ধি পাইছে মৰেল পুলিচগিৰিৰ ঘটনা । এইবাৰ মৰেল পুলিচগিৰৰ কৱলত পৰিল ইণ্ডিয়ান আৰ্মীৰ মেজৰ জেনেৰেলৰ পৰিয়াল । এই ঘটনা দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাৰ ।

অসম সন্তান ভাস্কৰ কলিতা বৰ্তমান ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল পদত অধিস্থিত আৰু মেজৰ জেনেৰলৰ ৰামপুৰত থকা বাসস্থানটিৰ ৱাল একাংশ উত্তেজিত ৰাইজে জোৰ-জোৱদস্তি কৰি ভাঙি পেলায় এই অভিযোগ মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালৰ । পথ পকীকৰন জৰীপৰ নামত ৰাইজৰ একাংশ উত্তেজিত লোকে বুলডোজাৰ লগাই ভাঙি দিয়ে মেজৰ জেনেৰেলৰ পৰিয়ালৰ লগতে চুবুৰীয়া দুঘৰৰ ৱাল ।

উল্লেখ্য যে পথ পকীকৰনৰ জৰীপৰ নামত ৰাইজৰ সন্মতিত পৰিয়ালে আগতেই পিছুৱাইছিল নিজৰ বেৰসমুহ তাৰপিছতো এনেদৰে উত্তেজিত একাংশ লোকে নিজ খুছি ম’তে ৱাল ভাঙিলে । আনহাতে ইতিমধ্যে প্ৰায় ৩ মাহ পূৰ্বে পকীকৰন হৈ গৈছিল অঞ্চলটোৰ পথটি তাৰপিছতো ৰাইজৰ একাংশই নিজাববীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰি ৩ দিনৰ সময়সীমা বান্ধি দি পৰিয়ালক অৱগত নকৰাকৈ এনেদৰে ভাঙি থৈ গ’ল ৱাল সমুহ ।

পৰিয়ালৰ অভিযোগ পকীকৰন হৈ যোৱা পথটিৰ বাবে এই সন্দৰ্ভত ৩ দিনৰ সময়সা বান্ধি ৰাইজৰ তৰফৰ পৰা হে পত্ৰ প্ৰেৰণ কৰিছিল বৃদ্ধ পৰিয়ালটিলৈ প্ৰশাসনৰ তৰফৰ পৰা কোনো পত্ৰ পোৱা নাছিল পৰিয়ালটিয়ে । আনকি এই জৰীপৰ সময়চোৱাত উপস্থিত নাছিল আৰক্ষী প্ৰসাশনৰ লোক । একাংশ ৰাইজে পৰিয়ালৰ লোকক অপদস্ত কৰাৰ লগতে ভাস্কৰ কলিতাৰ পিতৃৰ মানসিক ভাৱে চাপ পৰাত ৰোগীয়া পিতৃৰ সেইসময়ত বৃদ্ধি হৈছিল ৰোগ ।

যদিহে প্ৰশাসনৰ তৰফৰ পৰা কোনো জাননী নাছিল তেন্তে ৰাইজে কিয় ভাঙিলে মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালটিৰ লগতে দুঘৰৰ ৱাল ? অসমবাসীক উৎফুল্লিত কৰি ভাৰতীয় সেনাবাহিনীৰ মেজৰ জেনেৰেল ৰূপে কৰ্মৰত এই অসম সন্তানটিক যি সময়ত সমগ্ৰ ৰাষ্ট্ৰই সন্মান জনায় সেই সময়তে ৰামপুৰ সুজনপাৰাৰ ৰাইজ নিজৰ মইমতালিত কিয় ভাঙিলে ৱাল ? নে এয়া ব্যক্তিগত খুছি ?

জানিব পৰামতে পৰিয়ালৰ লোকে আৰক্ষীক ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত পলাশবাৰী থানাত ১৬৫/১৯ নং ৰুজু হৈছে গোচৰ লগতে মেজৰ জেনেৰেল গৰাকীও অসম চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণৰ যো-জা চলাইছে ।