যোৰহাট, ২৮ ছেপ্টেম্বৰঃ কুঁৱলীৰ ওৰণি লৈ ধৰালৈ নামি আহিল শৰৎ । শৰৎ ঋতুৱে কঢ়িয়াই আনে উৎসৱৰ বতৰা। দুৱৰিৰ নিয়ৰ সনা টোপালবোৰ শৰতৰ বুকুত মণি মুকুতাহৈ জিলিকি উঠে। শেৱালী ফুলৰ আমোলমোল গোন্ধে দিলেহি শৰত আগমনৰ বতৰা। আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ। খনিকৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল মা দুৰ্গা প্ৰতিমাই। দুৰ্গাৰ আগমনে সকলোৰে মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। মানুহৰ যান্ত্ৰিকতাপূৰ্ণ জীৱনত দুৰ্গা দেৱীৰ আগমনে কঢ়িয়াই আনে সুখৰ বতৰা। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো মা দুৰ্গাক ষষ্ঠীৰ বেদীত স্থাপন কৰা হয়। কোনোৱে যদি কৈলাশ পৰ্বতৰ আৰ্হিৰে পূজামণ্ডপ নিৰ্মাণ কৰিছে আন কোনোৱে আকৌ পখিলা আৰু মা দুৰ্গাৰ আৰ্হিৰে সজাই তুলিছে পূজা মণ্ডপ। মহাসপ্তমীৰ পুৱাৰে পৰা যোৰহাটৰ বিভিন্ন পূজামণ্ডপত ভক্তপ্ৰাণ লোকে মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰি ভিৰ কৰিছেহি। দেৱী বন্দনা আৰু ঢাক ঢোলৰ শব্দৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ আকাশ-বতাহ।