তিতাবৰ, ২৮ ছেপ্টেম্বৰঃ তিতাবৰৰ যান-বাহন আৰক্ষীৰ দিগন্ত গগৈৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য মতে, দিগন্ত গগৈয়ে ২৪ ছেপ্টেম্বৰত ডিউটি শেষ কৰি বাসগৃহলৈ যোৱা সময়ত তিতাবৰ যোৰহাট সংযোগী ন আলি ঢেকীয়াজলিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয়। গগৈক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ হায়াত হস্পিতাললৈ প্ৰেৰণ কৰা হয়। গুৱাহাটীৰ হায়াত হস্পিতালতে দিগন্ত গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে। দিগন্ত গগৈৰ অকাল মৃত্যুত সমগ্ৰ তিতাবৰতে এক শোকাবহ পৰিবেশৰ সৃষ্টি হৈছে। দুর্ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই। দিগন্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাৰ ফলাফল আৰু ঘটনাৰ তদন্ত পিছতহে দুর্ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।