গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। মোডী চৰকাৰৰ দিন5 যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক ৬.১ শতাংশলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে, সৃষ্টি কৰিলে ইতিহাসৰ সৰ্ববৃহৎ অভিলেখ। বৃহস্পতি বাৰে এক সংবাদমেল যোগে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই তথ্য উন্মোচিত কৰে।
মোডীয়ে প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী সভাত বিজেপি চৰকাৰত আহিলে বছৰি ২ কোটিকৈ নিবনুৱাক নিযুক্তি দিব । কিন্তু যোৱা ৫ বছৰত ১০ কোটি বাদেই কেইবা কোটি মানুহক সংস্থাপনহীনহে কৰিলে। নেচনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেচন নামৰ চৰকাৰী সংস্থাটোৰ ২০১১-১২ চনৰ সমীক্ষাত প্ৰকাশ পাইছিল যে সেইবছৰৰ কৰ্মহীনতাৰ হাৰ আছিল ২.২ শতাংশ। ২০১৭-১৮ বৰ্ষৰ সমীক্ষাত সেইবছৰৰ কৰ্মহীনতাৰ হাৰ হলগৈ ৬.১ শতাংশ। এই হাৰ হল এন এছ এছ অই কৰা সকলোবোৰ পূৰ্বৰ সমীক্ষাৰ সৰ্বাধিক। অৰ্থাৎ ভাৰতত নিবনুৱাৰ সংখ্যাৰ ওপৰত যেতিয়াৰ পৰা চৰকাৰী সমীক্ষা কৰা হৈছে তেতিয়াৰ পৰা বৰ্তমানলৈ মোডী চৰকাৰৰ দিনতে নিবনুৱাৰ সংখ্যা আটাইতকৈ বৃদ্ধি পাইছে।
“দ্য ষ্টেট অৱ ৱৰ্কিং ইণ্ডিয়া”ৰ ৰিপৰ্ট অনুসৰি মোডী চৰকাৰৰ দিনত শিক্ষিত নিবনুৱাৰ হাৰ অভিলেখ পৰিমাণে ১৬ শতাংশলৈ বৃদ্ধি পাইছে। ভাৰত চৰকাৰৰ লেবাৰ ব্যুৰ তথ্য অনুসৰি দেশৰ ১৩.৮ শতাংশ গ্ৰেজুৱেট নিবনুৱা আৰু ১২.৬ শতাংশ পোষ্ট গ্ৰেজুৱেট নিবনুৱা।
মোডীৰ শাসনকালতে প্ৰতিটো বিভাগত কৰি থকা চাকৰিৰ সংখ্যাও হ্ৰাস পাইছে।২০১৪ চনৰ পৰা ১৭ লৈ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ৭৫,০০০ পদ নাইকিয়া কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানত চাকৰি হ্ৰাস পালে ১ লাখ ৬৭ হাজাৰ পদ। ৰাজহুৱা খণ্ডৰ বেংকত নাইকিয়া হল ৩৫,০০০পদ।
সংবাদমেলত অখিল গগৈয়ে কয় যে নিবনুৱা সমস্যা সমাধানৰ দিশৰ পৰা ভাৰতৰ ইতিহাসৰ আটাইতকৈ বেয়া চৰকাৰখনেই হল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ। খালি থকা পদ বিলোপ কৰা, নিযুক্তি প্ৰদান নকৰা,বিমুদ্ৰাকৰণ বা নোটবন্ধী আৰু জি এছ টিৰ দ্বাৰা কোটি কোটি টকা কৰ্মসংস্থানপন নিঃশেষ কৰা চৰকাৰৰ প্ৰধান মন্ত্ৰী মোডীয়ে পকৰী বিক্ৰী কৰা কামকো চাকৰি বুলি গণ্য কৰিছে।
মোডীৰ প্ৰতিশ্ৰুতি এতিয়া ভেল্কী বাজিত পৰিণত হৈছে। সেয়ে এতিয়া মোডীয়ে পৰিবৰ্তনৰ কথা নকয়, নিবনুৱা সমস্যাৰ সমাধানৰ কথা নকয়। সংবাদমেলত এই মন্তব্য অখিল গগৈৰ।
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নকৰাৰ সম্পৰ্কত কয় যে নিৰ্বাচনী ইস্তাহাৰ গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ টকা বিলোৱা। এটা এটা সমষ্টিত ৩০-৪০কোটি টকা খৰছ কৰিছে বিজিপিয়ে।
কুইন ওজাৰ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কয় যে প্ৰধান মন্ত্ৰীও কিমান পঢ়া-শুনা কৰিছে কোনেও নাজানে। মেট্ৰিক পাছ কৰিছেনে সেয়াও নাজানে। আনকি অমিত শ্বাহৰ শিক্ষাগত অৰ্হতাৰ তথ্য পাতিও ভুৱা।
অসমৰ যুৱক- যুৱতী সকলক উদ্দেশ্যি কয় অখিল গগৈয়ে সংবাদমেলত বিজেপি আৰু আৰ এছ এছক সম্পূৰ্ণৰূপে পৰাভূত কৰিবলৈ আহ্বান জনায়।