আমিনুৰৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৮ ছেপ্টেম্বৰ

শিৱসাগৰৰ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জয়দয়াল মাতৃ সেৱা সদনৰ সন্মুখত থকা ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ আৱক্ষ মূৰ্তিৰ সন্মুখত চৰকাৰী নীতি নিৰ্দেশনা মানি অনুষ্টুপিয়াকৈ উদযাপন কৰা হয় প্ৰয়াত শিল্পী গৰাকীৰ জন্মদিন।

মঙলবাৰে পুৱা ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰি জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে শিল্পী গৰাকীৰ সম্পৰ্কে এক চমু বক্তব্য আগবঢ়াই৷ ইয়াৰ পিছতে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক, চিন্তাবিদ ড° সব্যসাচি মহন্তই ড° ভূপেন হাজৰিকাৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰাৰ ওপৰিও সুধাকণ্ঠৰ বৰ্ণময় জীৱন সন্দৰ্ভদ গুৰুত্বপুৰ্ণ ভাষণ আগবঢ়াই। ইয়াৰ পিছতে জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে প্ৰয়াত শিল্পী গৰাকীৰ জন্মদিন উপলক্ষ্যে কেক কটা পৰ্ব সম্পন্ন কৰাৰ পাছতে অনুষ্ঠিত গীতেৰে সোৱৰণ শীৰ্ষক অনুষ্ঠানত ৰাজকুমাৰী ফাল্গূনী, জয়ন্ত দত্ত, কাকু ভট্তাচাৰ্যি, আদিয়ে ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে ।

শিৱসাগৰৰ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সভাপতি ৰতন শইকীয়াৰ শুভেচ্ছা মূলক বক্তব্যৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।