গহপুৰ

৮ ছেপ্টেম্বৰ

গৰু গাড়ীত উঠি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিবাদী পৰিভ্ৰমন। পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু গাড়ী চলালে ৰিপুন বৰাই।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত অৱস্থাক লৈ মঙলবাৰে কংগ্ৰেছ দলে এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিধ্বস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু গাড়ীত চলাই ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী পৰিভ্ৰমন কাৰ্যসূচী ৰূপায়ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজ দীৰ্ঘদিন ধৰি জিয়াটো ভুগি থকাৰ মাজতে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিধ্বস্ত অৱস্থাক লৈ কংগ্ৰেছ দলে গহপুৰৰ পুৰুপবাৰীৰ পৰা গহপুৰ নগৰলৈ ব্যক্তিকর্মী প্ৰতিবাদ সাব্যস্ত কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত গৰু গাড়ী চলাই প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপি দলক তীব্ৰ সমালোচনা কৰে।

ৰিপুন বৰাই বিজেপি দল ডকাইতৰ দল আখ্যা দি কয় যে ৰাজ্যৰ বিজেপি চৰকাৰখনে ঠায়ে ঠায়ে টোলগেট পাতি ৰাইজৰ পৰা ডকাইতৰ দৰে টকা সংগ্ৰহ কৰিছে। বিজেপি দলে চাহ শ্ৰমিক সকলক ভোটৰ আশাত ঠগবাজি কৰি আছে। মাথো ভোটৰ লালসাত বিজেপিয়ে চাহ শ্রমিক সকলক ব্যৱহাৰ কৰি আছে বুলিও মন্তব্য কৰি প্ৰতিবাদস্থলীৰ পৰাই বিজেপিক তীব্ৰ আক্ৰমণ কৰে ৰিপুন বৰাই।