বৰপেটা, সংবাদ ৩৬৫, ১৪ মে’ : এন আৰ চিৰ দাবী পৰ্বৰ শুনানিত সাক্ষী দিবলৈ আহি এন আৰ চিত কৰ্মৰত বিষয়াৰ হাতত শাৰীৰিক নিৰ্যাতনৰ বলি হ’ব লগা হল এক পুৰুষ আৰু মহিলা। ঘটনা বিৱৰণী মতে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অধীনত চলি থকা এন আৰ চিৰ দাবী-আপত্তিৰ নিষ্পত্তি পৰ্বৰ শুনানিত সাক্ষী দিবলৈ আহিছিল বৰপেটা জিলাৰ ভালুকাবাৰী পথাৰ গাঁৱৰ আলম হুছেইন (৩০) নামৰ ব্যক্তি গৰাকী।

চেঙা উন্নয়ন খণ্ডৰ হল নম্বৰ-৩ৰ টেবুল নম্বৰ-৬ৰ নিষ্পত্তিকাৰী বিষয়া নম্বৰ ৩০৩০২০২১০০৭৯৩০০৬ৰ ওচৰত নিজৰ তথ্য-পাতি জমা দিয়া সময়ত দিনৰ প্ৰায় ১১ মান বজাত নিজৰ মাজতে কথা পাতি থকাৰ অপৰাধত সহকাৰী নিষ্পত্তিকাৰী বিষয়া তথা চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত কৰ্মৰত এজন শিক্ষকে যুৱক জনক শাৰীৰিক ভাৱে আক্ৰমণ কৰি মাটিত বগৰাই দিয়ে, একেটা মুহূৰ্ততে শিক্ষক তথা এন আৰ চিৰ বিষয়া গৰাকীয়ে জামেলা খাতুন (৬৫) নামৰ উজিয়াৰ চৰ নিবাসী এগৰাকী মহিলাকো ছেণ্ডেলেৰে আক্ৰমণ কৰে। এই কাৰ্য চলি থকা সময়ত সেইখক কোঠাতে শুনানি দি থকা হৰিপুৰ গাঁৱৰ নজৰুল ইছলামৰ তৎপৰতাত গুৰুতৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে মহিলা আৰু যুৱকজনে।

এই প্ৰসংগত স্থানীয় সমাজকর্মী আশ্ৰাফুল হুছেইন, মণিৰ উদ্দীন খানকে আদি কৰি এদল সমাজ সচেতন যুৱকৰ তৎপৰতাত চক্ৰ বিষয়া ৰাজীৱ দাসৰ ওচৰত অভিযোগ কৰা হয়। ৰাজীৱ দাসৰ লগতে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসে ঘটনা স্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত সম্পন্ন কৰে।

ইপিনে ভুক্তভোগীৰ তৰফৰ পৰা উল্লিখিত থানাত এখন এজাহাৰ দাখিল কৰা হয়। গোচৰ নম্বৰ ১১৭/২০১৯ ইউ/এচ ২৯৪/৩২৩/৫০০ নম্বৰ মৰ্মে এন আৰ চিৰ বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰে। চক্ৰ বিষয়া ৰাজীৱ দাসে জনোৱা মতে বিষয়া গৰাকীক এন আৰ চিৰ কামৰ পৰা তৎকালীন ভাবে অব্যাহতি দিয়া হৈছে লগতে সমাজকর্মী আশ্ৰাফুল হুছেইনে শিক্ষা বিভাগৰ ওচৰত শিক্ষকজনক অতিশীঘ্ৰে নিলম্বন কৰাৰ দাবী তোলে।