গুৱাহাটী, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰী, ২০১৯: সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ উত্থাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। মন্ত্ৰী হিমন্তই উক্ত কেলেংকাৰীৰে জড়িত সন্দৰ্ভত মংগলবাৰে মহানগৰীস্থিত চি বি আই অফিচ বেতকুচিৰ মূখ্য কাৰ্য্যলয়ৰ সন্মূখত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেলেংকাৰী লুইচ্ বাৰ্জাৰ আৰু সমগ্ৰ দেশ কপোৱা ভূৱা বিত্ত প্ৰতিস্হান সাৰদাৰ দ্বাৰা লুন্ঠনত জড়িত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয় । সাৰদা কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগ দিয়াৰ আগলৈকে চি বি আইৰ জালত সোমাই আছিল, কিন্তু বিজেপিত যোগদান কৰি তেওঁ  স্বয়ংসিদ্ধভাৱে সন্ন্যাসী হৈ পৰিল । বিজেপিত যোগদান কুম্ভমেলাত গংগাস্নানতকৈয়ো অধিক পৱিত্ৰ ।” স্মৰ্তব্য যে অসমৰ বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোনোৱাল চৰকাৰৰ বৰ্তমানৰ বিত্ত মন্ত্ৰীগৰাকীজন বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালত মন্ত্ৰী হৈ থকা সময়ছোৱাত অত্যন্ত প্ৰভাৱশালী আছিল যাৰ বলত তেখেতে বিভিন্ন কুঅভিসন্ধিৰে  অনৈতিক কাইদাৰে ৰাজনৈতিক শক্তিৰ অপপ্ৰয়োগ কৰি ভিন্ন ক্ষেত্ৰত অপ কৰ্মত লিপ্ত হৈছিল । সেই সময়ছোৱাতে বহু কোটি টকীয়া সাৰদা কেলেংকাৰিত তেখেত অভিযুক্ত হোৱাৰ পাছত চিবিআইয়ে কেইবাবাৰো তেখেতক কলকাতালৈ মাতি নি জেৰা চলাইছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সেই সকলোবোৰ তদন্ত তেওঁ ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাৰ পাছতে ধোঁৱাচাঙত পৰনিত হল । ভাৰতৱৰ্ষৰ বহুতো ৰাজনৈতিক ব্যক্তিৰ লগতে বিভিন্ন জনৰ নাম সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীত জড়িত হৈ জেলৰ ভাত খাব লগিয়া হৈছিল যদিও হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাৰ পাছতে ন্যায়িক তদন্ত একো ফলাফল নোলাল এক প্ৰকাৰে  চিবিআইয়ে বিজেপি শীৰ্ষ নেতৃত্বৰ কথামতে তদন্তৰ কাৰ্য সম্পূৰ্ণৰূপে গাপ দিয়া, ৰেহাই দিয়া বুলি অনুমান কৰিব পাৰি । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মিডিয়া সমন্বয়ক কৃদীপ বৰ্মণে  এক বিবৃতি যোগে জনোৱা মতে চিবিআই দৰে  ভাৰতবৰ্ষৰ স্বতন্ত্ৰ সংস্হা সমূহৰ সম্পূৰ্ন অধিকাৰ খৰ্ব কৰি বিজেপি নেত্ৰীত্বাধীন মোডী চৰকাৰে দাসত্ব প্ৰথাৰে ব্যক্তিগত ভাৱে ব্যৱহাৰ কৰি দূৰ্ণীতিগ্ৰস্হ একাক্ষ নেতা কৰ্মীক ৰক্ষাহে কৰিছে । অসম প্ৰদেশ যুৱ কংগ্ৰেছ সভাপতি কমৰুল ইছলাম চৌধুৰীৰ নেতৃত্বত আৰু অসম ৰাজ্যিক এন এছ ইউ আইৰ সহযোগত প্ৰায় তিনি শতাধিক বিষয়ববীয়া – সদস্যৰ সকলৰ উপস্থিতিত সাৰদা আৰু লুইচ্ বাৰ্জাৰ কেলেংকাৰীৰ লগত জড়িত হিমন্ত বিশ্ব শৰ্মাক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি সঠিকভাৱে তদন্ত কৰাৰ দাবি কৰি অসমবিদ্বেহী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, চেম চেম চি বি আই, চি বি আই মিনচ কেচ এণ্ড বাৰ্টাৰ ইন্ডাষ্ট্রি, চি বি আই অৰ পাপেট অন এ চেইন অফ মোডী ইত্যাদি শ্লোগান দি  চি বি আইক ৰাজনৈতিক হস্তক্ষেপমুক্ত কৰাৰ দাবী জনোৱা সময়তে প্ৰতিবাদকাৰীসকলক বলপূৰ্বকভাৱে চি বি আই কাৰ্যালয়ৰ সন্মূখত গড়চুক আৰক্ষীয়ে আটক কৰে ।