কলগাছিয়া, সংবাদ ৩৬৫, ৬ ফেব্রুৱাৰী: কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত বুধবাৰৰ পৰা আৰম্ভ হয় ৪৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ। এই মহাবিদ্যালয় সপ্তাহ উপলক্ষে বুধবাৰে অনুষ্ঠিত হৈ যায় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগীতা। এই প্ৰতিযোগীতাত ছাত্ৰ-ছাত্ৰী সকলে অসমীয়া সংস্কৃতি, স্বাধীনতা সংগ্ৰামী কনকলতা, জেং বিহু, জনপ্ৰিয় মোবাইল গেম পাবজিৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন সংস্কৃতিৰে এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ পৰা উলিওৱা এই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা কলগাছিয়া বজাৰ হৈ পুনৰ মহাবিদ্যালয়ত আহি সমাপ্ত হয়। এই শোভা যাত্ৰাত অসমীয়া সংস্কৃতি প্ৰথম, ভিন্ন সংস্কৃতিৰ দুৰ্গা পূজা দ্বিতীয় আৰু স্বাধীনতা সংগ্ৰামী তৃতীয় হৈছে বুলি জানিব পৰা গৈছে।