মৰিয়নি, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্তপৰিবলৈ মাজত কেইটামান ঘণ্টা বাকী থকা অৱস্থাত তুংগত উঠিছে বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰচাৰে । হিমন্তৰ পলোভন ৰাজনীতিৰ প্ৰত্তুত্যৰ দিলে বিধায়ক ৰূপ জ্যোতি কুৰ্মীয়ে ।

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইঘন্টামান বাকী ৷ নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগিছাত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বাগানৰ শ্ৰমিক সকলৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্ভাৱতী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লোভনীয় আচনিৰ ঘোষণা কৰি নিৰ্বাচনী টোপ প্ৰদান কৰে ৷ বাগিছাৰ বিদ্যালয়ত পুৱা ছাত্ৰ ছাত্ৰী সকল উপস্থিত হোৱাৰ লগে লগে শিক্ষা বিভাগে দিব কল আৰু আপেল, দুপৰীয়া আহাৰ আৰু চুটি সময়ত গাখীৰ আৰু বিস্কুট খোৱাই বিদায় দিয়াৰ লগতে চাহ বাগিচাৰ প্ৰতিগৰাকী গৰ্ভাৱতী মহিলাক ১২ হাজাৰকৈ টকা দিয়াৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ।

ইফালে হিমন্ত বিশ্ব শৰ্মাৰ এই সভাৰ পিছতে সাংবাদিকৰ আগত তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মৰিয়নিৰ বিধায়ক ৰূপ জ্যোতি কুৰ্মীয়ে । তেওঁ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নাইকীয়া হোৱা বুলি মন্তব্য কৰি এইবাৰ স্বৰ্গৰ পৰা দেৱী আহি প্ৰচাৰ কৰিলেও ৰক্ষা কৰিব নোৱাৰিব বিজেপিক, নাৰীক সন্মান কৰিব নজনা আৰু লোকৰ গৃহিনীৰ ওপৰত চকু দিয়া হিমন্তৰ এইবাৰ ৰাৱণৰ দৰে দশা হব বুলি কৈ বিধায়ক জনে হিমন্ত বিশ্ব শৰ্মাক জ’কাৰ আখ্যা দিয়ে । নগাঁও সমষ্টিৰ পৰা প্ৰদ্যুত বৰদলৈ বিপুল ভোটত জয়ী হব বুলি কয় বিধায়ক জনে । তেওঁ চাহবাগিছা এলেকাৰ শ্ৰমিকক চৰকাৰে মজুৰী বৃদ্ধি কৰা কথা কৈ প্ৰতাৰণা কৰা বুলি কোৱাৰ লগতে বি জে পি দলক তীব্ৰ কটাক্ষ কৰে ।