মুৰফুলনি পৰা গৌতম শইকীয়া, ২২ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ উপদ্ৰৱত প্ৰতিতো নিশা উজাগৰে কটাবলগীয়া হৈছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ বাসিন্দাৰ লগতে মৰঙিবাসীয়ে। নিশা টোপনি গলেই আহিব পাৰে বিপদ কাৰণ যিকোনো সময়ত হব পাৰে বন্যহস্তীৰ আক্ৰমণ।সমগ্ৰ অঞ্চলটোত দিনে নিশাই বনৰীয়া হাতীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ। যোৱা ২০ ডিচেম্বৰৰ নিশা ফলঙনি কৰতিপাৰত বনৰীয়া হাতীয়ে এটি বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে সমগ্ৰহ অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত বৃহস্পতি বাৰে নিশা পুনৰ মুৰফুলনিৰ সমীপৰ ফুলনিবাৰী গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰে বন্যহস্তীয়ে। বৃহপাতিবাৰে পুৱতি নিশা প্রায় ৩ বজাত ফুলনিবাৰী গাঁৱৰ যদুমণি শইকীয়া নামৰ এজন ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। হাতীৰ আক্ৰমণৰ পৰা যদুমণি শইকীয়া আৰু মাতৃ কলিমাই শইকীয়াই কথমপি পলাই প্ৰাণৰক্ষা কৰে। উল্লেখ্য যে মুৰফুলনি বন বিভাগৰ অধীনস্থ মুৰফুলনি আৰু ফলঙনিৰ সমগ্ৰ অঞ্চলটোত সঘনাই বন্য হস্তীয়ে উপদ্ৰৱ চলাই আহিছে কিন্তু বন বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ প্ৰক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। জানিব পৰা মতে মুৰফুলনি বন বিভাগৰ কৰ্মৰত বনকৰ্মীসকলৰ যাতায়তৰ বাবে কোনো ধৰণৰ বাহনৰ ব্যৱস্থা নথকাৰ ফলত বনকৰ্মীসকল যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। যাতায়তৰ বাবে কোনো ধৰণৰ বাহন নথকাৰ ফলত বনকর্মী উপযুক্ত সময়ত উপযুক্ত স্থানত উপস্থিত হৈ বন্যহস্তীৰ আক্ৰমণৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰিছে অঞ্চলবাসীয়ে।