গুৱাহাটী, ২১ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ ধীৰেনপৰাত মহানগৰ আৰক্ষীয়ে অভিযান চলাই নকল দুহাজাৰ টকীয়াৰ ২৬ লাখ টকা উদ্ধাৰ কৰে। এক গোপন সূত্ৰৰ পোৱা খবৰ অনুযায়ী মহানগৰ আৰক্ষীয়ে অভিযান চলাই ধীৰেনপৰাৰ এক ভাড়া ঘৰৰ পৰা উক্ত নকল টকাখিনি উদ্ধাৰ কৰিবলৈ শৈষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা সকলোখিনি নোট নকল দুহাজাৰ টকাৰ। এই সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে। আটক কৰা লোক দুজন জোলহাজ ভূঞা আৰু ছাজাহান আলি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোক দুজনক জেৰা অব্যহত ৰাখিছে।