দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৮ জানুৱাৰী : শনিবাৰৰ পুৱা ১১ বজাৰে পৰা মানকাচৰ জিলা প্ৰশাসনে হাটশিঙিমাৰীৰ মাতিনেৰ চৰ গাঁৱত চলাইছে উচ্ছেদ অভিযান।

আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত চলাইছে চৰকাৰী মাটিত অবৈধভাৱে বাস কৰা প্ৰায় দুই শতাধিক পৰিয়ালৰ বাসগৃহত উচ্ছেদ অভিযান।

জানিব পৰা অনুসৰি কেইবাবছৰ ধৰি বসবাস কৰি আছিল গাঁওখনৰ মানুহ ।

উচ্ছেদ অভিযান ঠাইখিনিত ডি চি অফিচ, এছ পি অফিচ, জুদিচিয়েল কোর্ট আদিৰ কাৰ্যালয় নিৰ্মান কৰা হ’ব বুলি জানিব পৰা গৈছে।