বাক্সা, সংবাদ ৩৬৫, ১৮ জানুৱাৰী : অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ অহা বি চৰাইগৌৰা নেতৃত্বাধীন এন ডি এফ বিক আদৰণি পিপুলচ ডেমোক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ডৰ ৷

শনিবাৰে বাক্সা জিলাৰ বৰমাত এক সংবাদমেলৰ আয়োজন কৰি চমুকৈ পিডিএমবিয়ে এন ডি এফ বিৰ চৰাইগৌৰা গ্ৰুপক আদৰণি জনাই ।

সংগঠনটোৱে কয় যে এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত এন ডি এফ বিয়ে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে ৷

সংগঠনটোৱে সংবাদমেলৰ জৰিয়তে দূৰ্ধৰ্ষ সদস্য বি বিদাইসহ তিনিজন সদস্য অহা বিশ তাৰিখৰ পিচত আলোচনা প্ৰক্ৰিয়াত যোগ দিব বুলিও জানিবলৈ দিয়ে ।

এন ডি এফ বিয়ে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে অহাতো ৰাজ্যখনৰ বাবে এক ভাল খবৰ বুলি সংগঠনটোৱে কয় সংবাদমেলত ।