গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো হায়াত হাস্পতাল পৰিয়ালে ৰোগীৰ সৈতে প্ৰাক্ ৰঙালী বিহু উদযাপন কৰিলে। জাতীয় উৎসৱ হেঁপাহৰ বিহুটিৰ সময়ত পৰিয়াল তথা আপোনজনৰ পৰা নিলগৰ হাস্পতালত ৰোগৰ সৈতে যুঁজি থকা ৰোগীসকলক অকণমান নিৰ্মল আনন্দ দিয়াৰ উদ্দেশ্যে প্ৰত্যেক বছৰেই এইদৰে অনুষ্টুপীয়াকৈ বিহুৰ আয়োজন কৰা হয় বুলি হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই সদৰী কৰে।

এক প্ৰেছ বিবৃতি যোগে পৰাগজ্যোতি দত্তই প্ৰকাশ কৰা অনুসৰি হায়াত হাস্পতাল, হায়াত ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেচন আৰু হায়াত প্ৰতিবেশী সমাজৰ উদ্যোগত অনুষ্ঠিত প্ৰাক্ ৰঙালী বিহুত ৰোগীসকলৰ সৈতে কুশল বিনিময় কৰে জনপ্ৰিয় শিল্পী অনুপম শইকীয়া, সু-অভিনত্ৰী মাধুৰিমা চৌধুৰী আৰু প্ৰখ্যাত কৌতুক অভিনেত্ৰী চেতনা দাস, হায়াত হাস্পতালৰ ভেষজ সঞ্চালক ডাঃ হেমজিৎ তালুকদাৰ , সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তী, হায়াত ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেচনৰ অধ্যক্ষা দীপালি দাস, হায়াত প্ৰতিবেশী সমাজৰ প্ৰতিনিধিসকলে ।

তেওঁলোকে ৰোগীসকলক পিঠা-পনা আৰু বিহুৱানেৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। নিজৰ প্ৰিয় শিল্পী আৰু অভিনেত্ৰীদ্বয়ৰ সান্নিধ্য লাভ কৰি ৰোগী আৰু ৰোগীৰ আত্মীয়সকলে পৰম সন্তোষ ব্যক্ত কৰে বুলি দত্তই প্ৰকাশ কৰিছে।

আনহাতে, ৰোগীৰ সৈতে কুশল বিনিময়ৰ পূৰ্বে হায়াত হাস্পতাল চৌহদত আমন্ত্ৰিত শিল্পী অনুপম শইকীয়াই বিহুগীত পৰিবেশন কৰে। সু-অভিনত্ৰী মাধুৰিমা চৌধুৰীয়ে হায়াতৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰি বিহু নৃত্য পৰিবেশন কৰি ৰোগীসকলক বিমল আনন্দেৰে আপ্লুত কৰে। স্বভাৱজাত বাকশৈলীৰে কৌতুক পৰিবেশন কৰে যশস্বী অভিনেত্ৰী চেতনা দাসে। ডাঃ হেমজিৎ তালুকদাৰকে ধৰি হায়াত হাস্পতাল পৰিয়ালৰ শিল্পীসকলেও নৃত্য-গীত পৰিবেশন কৰে। গোটেই অনুষ্ঠানটোৰ আঁত ধৰে ডাঃ হেমজিৎ তালুকদাৰে।