গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : সোণাপুৰত অসম ৰাইফলচৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰ পৰা ডিমৰিয়া লৈকে ১০ কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিলৰ দাবীত বুধবাৰে আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ উদ্যোগত লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী সমদলৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

অসম চৰকাৰ হুচিয়াৰ, পাহাৰ খনন কৰাৰ অনুমতি বন্ধ কৰক, অসম ৰাইফলচৰ সামৰিক বাহিনী স্থাপন বন্ধ কৰক আদি শ্ল’ গানেৰে লতাশিল খেল পথাৰৰ পৰা ৰাজভৱনলৈকে সমগ্ৰ পথচোৱা উত্তাল কৰি যায়।

উক্ত প্ৰতিবাদত অংশ গ্ৰহণ কৰা সংগঠনৰ উপদেষ্টা ইন্দ্ৰেস্বৰ টেৰণে কয় যে চৰকাৰে আইন নামানি ডিমৰিয়া অঞ্চললৈকে মহানগৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে যাৰ ফলত ট্ৰিবেল বেল্টৰ অধীনৰ আমৰী কাৰ্বি সকল বেয়াকৈ ক্ষতিগ্ৰস্ত হব। এই কাৰ্যৰ বিৰোধীতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ।

উপদেষ্টাজনে লগতে কয় ” কেইদিনমান আগতে মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাটো লিপ্ত হৈছিলোঁ । তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁ কোনো বেল্ট ব্লকৰ ক্ষতি নকৰে। কিন্তু তেওঁৰ কথা নৰজিল। চক্ৰ বিষয়াই নিজৰ ময় মতালিৰে ট্ৰাইবেল বেল্ট ব্লক ভাঙিবলৈ চেষ্টা কৰিছে। আমাক এই কথাৰ বিচাৰ লাগে।”

ইয়াৰোপৰি প্ৰতিবাদ কাৰী সকলে মহানগৰ প্ৰশাসনক পাহাৰ খনন কৰাৰ অনুমতি প্ৰদান অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিমৰিয়া, বেলতলা আৰু ৰাণীৰ জনজাতী অবেষ্টনীয় অঞ্চলসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দাবী জনায়।

সমদলৰ অন্তত প্ৰতিবাদ কাৰী সকলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।