গোৱালপাৰা, সংবাদ ৩৬৫, ৩ আগষ্টঃ ৰাজ্য কপাই যোৱা ২০১৭চনৰ ১৫ ফেব্ৰুৱাৰীত গোৱালপাৰাৰ কছাৰী ঘাটৰ চাৰি নং বিদেশী ন্যায়ধীকৰণৰ সদস্য অজয় ফুকনক একাংশ অধিবক্তাই শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াত বৃহস্পতিবাৰে গোৱালপাৰা জিলা মূখ্য ন্যায়িক আদালতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আঠজনকৈ অভিযুক্তৰ ভিতৰত সাতজনক দোষী সাব্যস্ত কৰি প্ৰতিজনক দুবছৰকৈ কাৰাদণ্ডসহ জৰিমনাৰ ৰায়দান দিয়ে৷ আঠজনকৈ অভিযুক্ত অধিবক্তা ক্ৰমে: নজৰুল ইছলাম, ছাহজাহান আলী, অমৰ ফাৰুক ওৰফে জুৱেল, এম এ বাতেন, মইনুল হক, আব্দুল হামিদ, আনোৱাৰ হুছেইন আৰু আনিছুল হকৰ বিৰুদ্ধে জি আৰ ২৯৫/২০১৭ নং গোচৰত ৩৫৩/১৪৭/৩২৩/৪৪৮ আই পি চি আৰু ৰাজহুৱা সম্পত্তি ধবংস সুৰক্ষাৰ তিনি নং আইন(৩/ পি ডি পি পি এক্ট)ধাৰাত জিলা ন্যায়ধীশ আদালতত এটি গোচৰ চলি আছিল৷ উক্ত গোচৰৰ ভিত্তিত অভিযুক্ত অধিবক্তাসকলৰ ভিতৰত দুপৰীয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মূখ্য ন্যায়িক দণ্ডাধীক ইস্পিতা বৰঠাকুৰে নিৰপৰাধী অধিবক্তা আনিছুল হকক ৰেহাই দি বাকি থকা সাতজনকৈ অধিবক্তাক দোষী সাব্যস্ত কৰি ৪৪৮ আৰু ৩৫৩ ধাৰাৰ অধীনত দুবছৰকৈ কাৰাদণ্ডসহ মূল অভিযুক নজৰুল ইছলামক ৩২৩ আৰু পি ডি পি পি অতিৰিক্ত সংলগ্ন ধাৰা দুটাত ক্ৰমেঃ দুই হেজাৰ আৰু পাঁচ হেজাৰ মুঠ সাত হেজাৰ টকা জৰিমণা অনাদায়ে ১ মাহ আৰু ১৪ দিনৰ কাৰাদণ্ড দিয়ে৷ বাকী ছয়জন অধিবক্তা ক্ৰমে: ছাহজাহান আলী, অমৰ ফাৰুক ওৰফে জুৱেল, এম এ বাতেন, মইনুল হক, আব্দুল হামিদ আৰু আনোৱাৰ হুছেইনক এক হেজাৰ টকা জৰিমণা অনাদায়ে সাত দিনৰ কাৰাদণ্ডৰ লগতে ১৪৭ ধাৰাৰ অধীনত দুই হেজাৰ জৰিমণা অবিহণে চৈধ্য দিনৰ কাৰাদণ্ডৰ ৰায় দিয়ে৷ ন্যায়ধীক ইস্পিতা বৰঠাকুৰে গোচৰৰ ৰায় দান কৰাৰ পিছতে পূৰ্বৰ জামিন আবেদনৰ ভিত্তিত দণ্ড বিহা অভিযুক্ত অধিবক্তাসকলক ত্ৰিশ দিনৰ জামিনত দিয়ে৷ ইপিনে আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই জিলা ন্যায়িক আদালতত ত্ৰিশ দিনৰ ভিতৰত আপীল কৰিব বুলি জানিব পৰা গৈছে৷ এই ৰায়দানক লৈ জিলা প্ৰশাসনে গোৱালপাৰা জিলা ন্যায়ধীশ আদালত ভৱন চৌহদত আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েনেৰে এক যুদ্ধং দেহী পৰিবেশ সৃষ্টি কৰি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্হা কৰে৷ আনকি সংবাদ কৰ্মীকো আদালত চৌহদত প্ৰৱেশ কৰিবলৈ আৰক্ষীয়ে বাধা দিয়ে৷