চিৰাঙ, সংবাদ ৩৬৫, ৪ আগষ্টঃ কংগ্ৰেছ শাসনৰ পোন্ধৰ বছৰীয়া বিকাশ আৰু সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে আজিকোপতি ঢুকি নাপালে বৃহত্তৰ অঞ্চলটোৱে৷ নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধি সকলে দিয়া  প্ৰতিশ্ৰুতিয়ো ফুটুকাৰ ফেন হৈয়ে থাকিল৷ বৃহত্তৰ অঞ্চলটো হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগি ১২৭ চি নং ৰাষ্ট্ৰীয় ঘাইপথ(ডন্টক নামৰ পথচোৱা)৷ হাগ্ৰামা মহিলাৰীৰ মডেল বি টি চিৰ অন্তৰ্গত এই অঞ্চল৷ অতি শোচনীয় ৰূপ ধাৰন কৰিছে এই পথছোৱাই৷ দীৰ্ঘ দিনৰ পৰাই অৱহেলিত হৈ আহিছে উন্নীতকৰণৰ নমত এই পথছোৱাই৷ তাৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি তথা  অসম চৰকাৰ৷ যোৱা দুবছৰ পুৰ্বে এই পথ চোৱা ৰাষ্ট্ৰীয় পথলৈ উন্নিত হৈছে যদিও পথচোৱাৰ কোনো ধৰনৰ উন্নতি হোৱা নাই । যাৰ ফলত পথচোৱাৰ মাজত পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে৷ পথটোৱে এনেকুৱা ৰূপ লৈছে যে পথৰ  দীৰ্ঘ প্ৰায় ২০ কিলোমিটাৰ এই ধৰনৰ শোচনীয় হৈছে৷  ১৫ মিনিটৰ পথ অতিক্ৰম কৰোতে সময় লাগে একৰ পৰা দেৰ ঘন্টা৷ভূটান সীমান্ত দাদগিৰিৰ পৰা ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথলৈ ৪৬ কি: মি: পথ অতিক্ৰম কৰোতে সৰ্ব্বমুঠ ৩ ঘন্টা সময় লাগে বুলি পথটোত গাড়ী চলোৱা চালক সকলে জানিব দিয়ে৷ তেনেস্থলত কোনো গুৰুতৰ ৰোগী লৈ চিকিৎসালয় যাবলগীয়া হলে তো কথাই নাই৷ পুৰ্ব্বে অৱশ্যে সীমান্ত পথ সংস্থাই কাম কৰিছিল যদিও এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে কৰিব লাগে৷ কি কংগ্ৰেজ,কি বিজেপি বা বিটিচিৰ বিপিএফ কোনেও এই পথটোৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ ৰাইজৰ অভিযোগ৷৩১ নং চিদলী বিধান সভা সমষ্ঠী তথা কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ অন্তৰ্গত এই এলেকা যদিও কাৰোৰে যেন এলেকাটোৰ প্ৰতি দায়িত্ব নাই৷ একে অৱস্থাতে থাকি গ’ল এই পথছোৱা৷ এতিয়া প্ৰশ্ন হৈছে হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি তথা অসম চৰকাৰৰ পৰিৱৰ্তনৰ শ্লোগান গাই থকা চৰকাৰখনে কেতিয়া এই অঞ্চলটোৰ সমস্যা সমাধন কৰিব?