ৰঙিয়া, ২১ অক্টোবৰঃ ৰঙিয়াত ক্ৰমাগত ভাবে বৃদ্ধি পাব ধৰিছে চুৰি ডকাইতিৰ দৰে অপৰাধজনক ঘটনা। আৰক্ষীয়ে অপৰাধজনক ঘটনা ৰোধৰ কাৰণে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আহিছে যদিও অপৰাধী সকলক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।ৰঙিয়াৰ পালবস্তীত পুৱতি নিশা এখন গেলামালৰ দোকানত চুৰিৰ ঘটনা সংঘটিত হয়। গেলামাল দোকানৰ তলা ভাঙি চোৰে নগদ ১৫ হেজাৰ টকাসহ দোকানৰ বহু মূল্যবান সামগ্ৰী লুটি নিয়ে। উল্লেখ্য যে, শ্যামা পূজা উপলক্ষে চলি থকা সাংস্কৃতিক অনুস্থানৰ সুবিধা গ্ৰহণ কৰি চোৰে গেলামাল দোকানত লুটপাট চলায়। গেলামাল দোকানখনৰ স্বত্বাধিকাৰী ৰৌতিস পালে তুলসীবাৰী আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।